অসম

assam

ETV Bharat / state

ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাই ৷ এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে মুখ্যমন্ত্ৰীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে প্ৰয়াত বৰ্মনৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

By

Published : Apr 19, 2021, 3:21 PM IST

bodo sahittya sabha condoled on bhumidhar barman death
ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ

কোকৰাঝাৰ,১৯ এপ্ৰিল : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাই ৷ সোমবাৰে এক প্ৰেছ বিবৃতিযোগে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি তৰেন বড়ো আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োই ডাঃ বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰে ৷

ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুত অসমে এক সুদক্ষ ৰাজনীতিবিদ অকালতে হেৰুৱালে বুলি বিবৃতিত উল্লেখ কৰি বড়ো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকদ্বয়ে প্ৰয়াত বৰ্মনৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক :শুকাইছে চিয়াং লালীৰ বুকু : উদ্বিগ্ন নৈপৰীয়া

ABOUT THE AUTHOR

...view details