গোৱালপাৰা,16 ছেপ্তেম্বৰ:গোৱালপাৰা কছাৰী ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ ৷ এনডিআৰএফ আৰু এছডিআৰএফৰ অভিযানত বৃহস্পতিবাৰে উদ্ধাৰ হয় যুৱক তিনিজনৰ মৃতদেহ ৷ নবী হুছেইন নামৰ কিশোৰ গৰাকীৰ মৃতদেহ দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱাৰ পিছত বিয়লিলৈ মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহো উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে ৷ এই ঘটনাৰ বাবে সমগ্ৰ গোৱালপাৰাতে পৰিছে শোকৰ ছাঁ ৷
উল্লেখ্য যে, নবী হুছেইনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অন্য দুজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে অভিযান চলাই থকাৰ মাজতে ধুমুহা-বৰষুণ অহাৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰিবলৈ বাধ্য হয় উদ্ধাৰকাৰী দল ৷ কিন্তু ধুমুহা-বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীত সৃষ্টি হোৱা ঢৌত ওপঙি উঠে মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ ৷