কোকৰাঝাৰ, 25ফেব্ৰুৱাৰীঃ বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্য বুধবাৰে কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰত উপস্থিত হয় বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰমিঅ পি নাৰ্জাৰী ৷ উল্লেখ্য যে, বুধবাৰে গুৱাহাটীত বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ ১৪ জনীয়া সদস্য বিশিষ্ট অন্তৰ্বতী পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই ৰমিঅ পি নাৰ্জাৰীয়ে বিয়লি ভাগত কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাফুপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ৷
বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ উপমুখ্য কাৰ্যবাহী নাৰ্জাৰীৰ সৈতে বুধবাৰে পৰিষদৰ আন দুগৰাকী কাৰ্যবাহী সদস্য ক্ৰমে মহীপাল বড়ো আৰু দশৰথ বড়োৱেও বডোফালৈ শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বড়ো-কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰমিঅ পি নাৰ্জাৰীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে, বডোফাই যি সপোন দেখিছিল বিটিআৰ চুক্তিৰ পাছত সেয়া আৰু এঢোপ এঢোপ কৈ আগুৱাই গৈছে৷ আমি আশাকৰোঁ বডোফাৰ আশা আৰু সপোনবোৰ এনেকৈয়ে ঢাপে ঢাপে বাস্তৱায়িত হ’ব ৷ বিশেষকৈ বড়ো সকলৰ উপৰিও বিশ্বৰ শোষিত, বঞ্চিত, নিপীড়িত, অনগ্ৰসৰ জনতাৰ ন্যায্য প্ৰাপ্যৰ বাবে গণতান্ত্ৰিক শক্তিশালী অহিংস সংগ্ৰামৰ যি বীজ ৰোপণ কৰি থৈ গৈছিল সেয়া পলমকৈ হ’লেও ফলপ্ৰসূ হ’ব ধৰিছে ৷