অসম

assam

ETV Bharat / state

শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিজেপিৰ

দেওবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত বিটিচিৰ চাৰিওখন জিলাৰ বিজেপিৰ সভাপতিসকলে অনুষ্ঠিত কৰা সংবাদমেলত, শীঘ্ৰেই বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে ৷

By

Published : Jun 7, 2020, 3:30 PM IST

bjp pressmeet in kokrajhar
bjp pressmeet in kokrajhar

কোকৰাঝাৰ, 7 জুনঃ দেওবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত বিটিচিৰ চাৰিওখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ বিজেপিৰ সভাপতিসকলে অনুষ্ঠিত কৰে এখন যৌথ সংবাদমেল ৷ সংবাদমেলত শীঘ্ৰেই বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে সকলোৱে ৷ COVID-19 ৰ সকলো নীতি-নিয়ম পালন কৰি নিৰ্বাচনী প্ৰচাৰ আৰু ভোটদান অনুষ্ঠিত কৰিবলৈ আহ্বান বিটিচি বিজেপিৰ চাৰি জিলাৰ সভাপতিসকলৰ ৷

শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিজেপিৰ

তদুপৰি ভোটদানৰ সময় ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰিছে সভাপতি সকলে ৷ দেওবাৰে অনুষ্ঠিত সংবাদমেলত কোকৰাঝাৰ জিলাৰ বিজেপিৰ সভাপতি বিভুতি বৰগয়াৰী, চিৰাং জিলাৰ বিজেপি সভাপতি বিপ্লৱ দেৱনাথ, বাক্সা জিলাৰ ৰাম দাহাল আৰু ওদালগুৰি জিলাৰ বিজেপি সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো উপস্থিত থাকে ৷

লগতে পঢ়কঃবিপিএফ দলত মেৰুবিভাজন ঘটিছে, মই এতিয়া বি পি এফ দলত নাইঃ বিধায়ক ইমানুৱেল মুছাহাৰী

ABOUT THE AUTHOR

...view details