কোকৰাঝাৰ,২০ ডিচেম্বৰ: গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা ৰোগী এজনে যেনেকৈ বহুতৰে পৰামৰ্শ শুনি গাঁৱলীয়া ঔষধ , হোমিঅ'পেথিক , এলোপেথিক, আয়ুৰ্বেদিক সকলো ধৰণৰ ঔষধ ব্যৱহাৰ কৰি ভাল হ’ব খোজে ঠিক তেনেকৈ হাগ্ৰামা মহিলাৰীও বিপদৰ পৰা উদ্ধাৰ পাবলৈ কমেও শতাধিক লোকৰ পৰামৰ্শ শুনি স্ব-বিৰোধী কাৰ্য তথা মন্তব্য কৰিছে বুলি উল্লেখ কৰে বিজেপিৰ নেতা বিশ্বজিৎ দৈমাৰীয়ে ৷
বিপদৰ পৰা উদ্ধাৰ পাবলৈ হাগ্ৰামাই স্ব-বিৰোধী মন্তব্য কৰিছে : বিশ্বজিৎ দৈমাৰী - হাগ্ৰামা মহিলাৰী
বিটিচিৰ ১৭ জন নিৰ্বাচিত সদস্য তেওঁৰ সতে আছে আৰু বাকী সকলক মেনেজ কৰিবলৈ এসপ্তাহৰ সময় বিচাৰি ৰাজ্যপালৰ ওচৰত হাগ্ৰামা মহিলাৰীয়ে আৱেদন দাখিল কৰিছিল বুলি কয়, বিশ্বজিৎ দৈমাৰীয়ে ৷
![বিপদৰ পৰা উদ্ধাৰ পাবলৈ হাগ্ৰামাই স্ব-বিৰোধী মন্তব্য কৰিছে : বিশ্বজিৎ দৈমাৰী বিপদৰ পৰা উদ্ধাৰ পাবলৈ হাগ্ৰামাই স্ব-বিৰোধী মন্তব্য কৰিছেঃ বিশ্বজিৎ দৈমাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9947389-134-9947389-1608476182244.jpg)
বিটিচিৰ ১৭ জন নিৰ্বাচিত সদস্য তেওঁৰ সতে আছে আৰু বাকী সকলক মেনেজ কৰিবলৈ এসপ্তাহৰ সময় বিচাৰি ৰাজ্যপালৰ ওচৰত হাগ্ৰামা মহিলাৰীয়ে আৱেদন দাখিল কৰিছিল বুলি কয়, বিশ্বজিৎ দৈমাৰীয়ে ৷
দেওবাৰে সংবাদমাধ্যমৰ আগত বিশ্বজিৎ দৈমাৰীয়ে কয় যে, প্ৰমোদ বড়োৱে জয় লাভ কৰা নিশাই সংখ্যাগৰিষ্ঠতাৰ তালিকাসহ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ সুযোগ দিবলৈ আৱেদন দাখিল কৰে আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰমোদ বড়োৱে বিটিচিৰ চৰকাৰ গঠন কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ত হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰা লেখ আৱেদনক লৈ বিশ্বজিৎ দৈমাৰীয়ে নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ন্যায়ালয়ত হাগ্ৰামা মহিলাৰীয়ে কেনেদৰে বেআইনীভাৱে তিনিবাৰকৈ চীফ হ'ল তাৰ উত্তৰ দিব লাগিব।
লগতে পঢ়কঃ অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট