কোকৰাঝাৰ, 20 ফেব্ৰুৱাৰী:সমাগত বিধানসভা নিৰ্বাচনত এশৰো অধিক আসন লাভ কৰাৰ বাবে গেৰুৱা দল বিজেপিয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে ৷ বিজেপিৰ 100+ অভিযানৰ অংশ হিচাপে কোকৰাঝাৰৰ চন্দ্ৰপাৰাৰ বৰ্মনপাৰাত শনিবাৰে অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত প্ৰায় 50 গৰাকী লোকে বিজেপিত যোগদান কৰে ৷
বনৰগাঁৱৰ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত উক্ত যোগদান কাৰ্যসূচীত বিপিএফৰ সমৰ্থকৰ লগতে বিভিন্ন পৰ্যায়ৰ 50 গৰাকী সদস্যই বিজেপি দলত যোগদান কৰে ৷ জানিব পৰা মতে, অসম ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সভাপতি নিবাৰণ মেধিৰ উপস্থিতিত বিপিএফৰ কৰ্মী, সমৰ্থক সকলে বিজেপি দলত যোগদান কৰে ৷
36 গৰাকী মহিলা বিপিএফ কৰ্মীৰ ইউপিপিএল দলত যোগদান বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সভাপতি নিবাৰণ মেধিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে আগন্তুক বিধানসভা নিৰ্বাচনত যাতে বিজেপিয়ে 100+ আসনত বিজয়ী হৈ চৰকাৰ গঠন কৰিব পাৰে সেই উদ্দেশ্যে এই যোগদান অভিযান চলোৱা হৈছে ৷ বিজেপি এই অভিযানত সফল হ'ব ৰাজ্যত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব বুলি মেধিয়ে দাবী কৰে ৷
কোকৰাঝাৰৰ চন্দ্ৰপাৰাৰ বৰ্মনপাৰাত অনুষ্ঠিত যোগদান কাৰ্যসূচীত প্ৰায় 50 গৰাকী লোকৰ বিজেপিত যোগদান শনিবাৰৰ যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক যাদৱ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেৱৰেৱা নাৰ্জীহাৰী, ৰাজ্যিক বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাজ কুমাৰ ব্ৰহ্ম, কোকৰাঝাৰ জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি সুমিত দাস, বনৰগাঁৱ ব্লক মণ্ডলৰ বিজেপিৰ সভাপতি ছাইখ’জাথাও নাৰ্জাৰীৰ লগতে দলটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ৷
উল্লেখ্য যে, শনিবাৰে জিলাখনৰ বালাজানত ইউপিপিএল দলৰো এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উক্ত যোগদান কাৰ্যসূচীত বিপিএফ দলৰ 36 গৰাকী মহিলা কৰ্মী আৰু সদস্যাই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলত যোগদান কৰে ৷ ইউপিপিএল দলত যোগদানকাৰী সকলৰ ভিতৰত উত্তৰ বালাগাঁও প্ৰাইমেৰী মহিলা বিপিএফৰ সভানেত্ৰী প্ৰমীলা বসুমতাৰী, সদস্যা ৰমা বসুমতাৰী আৰু কৰ্মী পুষমি বসুমতাৰীও আছে ৷ যোগদান কাৰ্যসূচীত বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা ইউপিপিএলৰ নেতা লৰেন্স ইছলাৰী সহ ইউপিপিএল দলৰ কেবা গৰাকী নেতা আৰু বিষয়ববীয়া উপস্থিত থাকে ৷
উল্লেখ্য যে, ৰাজ্যৰ সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিআৰত বিভিন্ন ৰাজনৈতিক দল সমূহত এতিয়া দলত্যাগ আৰু যোগদানক লৈ চলিছে এক অঘোষিত প্ৰতিযোগিতা । বিশেষকৈ ইউপিপিএল আৰু গেৰুৱা দল বিজেপিৰ শিবিৰত এতিয়া কেৱল যোগৰ অংক পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক:কোকৰাঝাৰত বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ