কোকৰাঝাৰ, ২২ জানুৱাৰী: বিজেপি, ইউপিপিএল আৰু জিএছপিৰ মিত্ৰজোঁটে বিটিচি পৰিষদীয় চৰকাৰ গঠন কৰাৰ পিছতো হাগ্ৰামা মহিলাৰীয়ে এমাহৰ পিছত হ'লেও বিপিএফে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি অহা স্বত্বেও নিজ দলৰ সদস্যই এতিয়া তেওঁৰ লগ এৰিছে । যেন খহনীয়াহে নামিছে বিপিএফ দলত ।
শুক্ৰবাৰে কোকৰাঝাৰ চহৰস্থিত বিজেপিৰ কাৰ্যালয়ত আয়োজিত সভাত দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে বিপিএফৰ ৪০ গৰাকী সদস্যসহ মুঠ ৫০ জন লোকে । এই যোগদান সভাত বিপিএফ, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থা( বিএছইউ ) আৰু আত্ম-সমৰ্পণকাৰী এনডিএফবিৰ ৫০ জন সদস্যই গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতি বৰগয়াৰী আৰু সাধাৰণ সম্পাদক দেৱৰাজ পালৰ উপস্থিতিত আটাইকেইগৰাকীয়ে বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰে ৷ বিটিআৰ পৰিষদীয় নিৰ্বাচনত ১৭ খন আসন লাভ কৰিও পৰিষদীয় চৰকাৰ গঠনৰ সুবিধাৰ পৰা বঞ্চিত হোৱা বিপিএফ দলত অব্যাহত আছে খহনীয়া ।