কোকৰাঝাৰ, ১৭ অক্টোবৰ: গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী সভাত বি জে পি আৰু বি পি এফক লৈ ক্ষুৰধাৰ সমালোচনা কোকৰাঝাৰৰ সাংসদ অৰ্থাৎ দলটোৰ সভাপতি নৱ শৰণীয়াই। সাংসদগৰাকীয়ে কয় যে, 'বি পি এফে ভাৰতীয় জনতা পাৰ্টীৰে মিত্ৰতা কৰি ভুল কৰিছে আৰু দলটোৰ সংগই বি পি এফক ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । বড়োলেণ্ডত বি পি এফে উন্নয়ন সাধনৰ বিপৰীতে দুৰ্নীতিহে বেছি কৰিছে । কেৱল এয়াই নহয়, অবড়োৰ পৰা ভোট লৈ তেওঁলোকক দিয়া প্ৰতিশ্ৰুতিও বি পি এফে পূৰণ কৰা নাই।'
বি জে পিয়ে নিঃশেষ কৰিলে বি পি এফক : সাংসদ নৱ শৰণীয়া - ওদালগুৰি
ওদালগুৰিৰ ৰৌতাত নিৰ্বাচনী সভাত সাংসদ নৱ শৰণীয়াৰ বিস্ফোৰক মন্তব্য। বি জে পি আৰু বি পি এফৰ মিত্ৰতাক লৈ তীব্ৰ সমালোচনা সাংসদগৰাকীৰ। বি জে পিৰ সংগই নিঃশেষ কৰিলে বি পি এফক।
![বি জে পিয়ে নিঃশেষ কৰিলে বি পি এফক : সাংসদ নৱ শৰণীয়া বি জে পিয়ে নিঃশেষ কৰিলে বি পি এফক:সাংসদ নৱ শৰণীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9208637-755-9208637-1602922120973.jpg)
বি জে পিয়ে নিঃশেষ কৰিলে বি পি এফক:সাংসদ নৱ শৰণীয়া
লগতে বি পি এফে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি কৈও কটাক্ষ কৰে । আনহাতে, বি টি চিৰ নিৰ্বাচনত বি জে পিয়ে দুৰ্নীতি কৰি বি পি এফক জয়ী কৰাৰো শংকা ব্যক্ত কৰিছে সাংসদগৰাকীয়ে । বেলট বাকচৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন কৰিছে।
লগতে পঢ়ক:শিৱসাগৰত ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ট্ৰাকচালক