কোকৰাঝাৰ, ৬ জানুৱাৰী :ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ বিটিআৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দৈমাৰীৰ ১৬ বছৰীয়া পুত্ৰ অমিতৰাজ দৈমাৰী মঙলবাৰে দুপৰীয়াৰ পৰা সন্ধানহীন হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ কোকৰাঝাৰৰ চান্দামাৰীস্থিত ৰিয়েলিটি পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল অমিতৰাজ দৈমাৰী । বিদ্যালয়ৰ হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিল অমিতৰাজে । জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া ১ বজাৰ পৰাই অমিতৰাজ দৈমাৰী স্কুলৰ পৰা সন্ধানহীন হয় । কিন্তু কি পৰিস্থিতিত তথা কেনেদৰে অমিতৰাজ দৈমাৰী সন্ধানহীন হ'ল সেইয়া স্পষ্ট হোৱা নাই যদিও ছাত্ৰগৰাকীক উদ্ধাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, ছাত্ৰ গৰাকী ৰহস্যজনকভাৱে সন্ধানহীন হোৱাত পৰিয়াল আৰু প্ৰশাসনৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । অতি অভিজাত বিদ্যালয় হোৱা হেতুকে ৰিয়েলিটি পাব্লিক স্কুলত ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীয়ে পহৰা দি থকাৰ পিছতো এগৰাকী ছাত্ৰৰ সন্ধানহীন হোৱাৰ খবৰে অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে ।