কোকৰাঝাৰ, ১৮ মেঃ বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব শাসনকালত এহেজাৰ কোটি টকাৰ বিভিন্ন বিভাগত কেলেংকাৰী হোৱা বুলি ইউ পি পি এলে অভিযোগ কৰাত ৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে অস্বীকাৰ কৰিছে। সোমবাৰে কোকৰাঝাৰত সংবাদ মেলত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কয় যে এহেজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আনি ইউ পি পি এলয়ে চি আই ডিৰ দ্বাৰা তদন্ত বিচৰাটো আমিও আদৰণি জনাইছোঁ । সমগ্ৰহ বিটিচিৰ বিভাগৰ পুঁজিকলৈ এনে অযথা কেলেংকাৰীৰ অভিযোগ আনিব নোৱাৰে বুলি মন্তব্য কৰে । নিৰ্বাচনৰ উদ্দেশ্য লৈ বিপিএফক বদনাম দিবৰ বাবেহে এনেকৈ অভিযোগ আনিছে কিছু ৰাজনীতিক দলে দৈমাৰীয়ে লগতে উল্লেখ কৰে যে যিবোৰে কেলেংকাৰীৰ অভিযোগ আনিছে তেওঁলোকেহে চান্দা তুলি গাড়ী কিনিছে,ৰাইজৰ টকাৰে ৷
বিটিচিত এহেজাৰ কোটি টকাৰ কেলেংকাৰীঃ বিশ্বজিত দৈমাৰীৰ সংবাদমেল - ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা
প্ৰসংগ বিটিচি এহেজাৰ কোটি টকাৰ কেলেংকাৰী, ইউ পি পি এলৰ অভিযোগ নাকচ এম পি বিশ্বজিত দৈমাৰী।
বিটিচিত এহেজাৰ কোটি টকাৰ কেলেংকাৰীঃবিশ্বজিত দৈমাৰীৰ সংবাদমেল
লগতে পঢ়কঃ শিলাদিত্য দেৱৰ বিস্ফোৰক অভিযোগৰ তদন্ত কৰিব ৰাজ্যিক বিজেপিয়ে