অসম

assam

ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আয়োজন বিষুৱা উৎসৱ - বিষুৱা উৎসৱ

"বিষুৱা আমাৰ জাতীয় কৃষ্টি বিষুৱা আমাৰ প্ৰাণ, এই বিষুৱাক ছাৰিবা লাগিলে নাথাকিব জাতিৰ মান" এই আপ্ত বাক্যফাকিকে সাৰোগত কৰি খুক্‌সী বিষুৱা উৎসৱ পালন সমিতিয়ে ১৪ আৰু ১৫ মে’ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে অষ্টম বাৰ্ষিক বিষুৱা উৎসৱৰ ৷ এই বিষুৱা উৎসৱৰ মঙলবাৰৰ প্ৰথম দিনৰ কাৰ্যসূচীত বিষুৱাৰ মঞ্চ মুকলি কৰা হয় শক্তি ‘আশ্ৰম কুশান নৃত্য দল‘ৰ নৃত্য পৰিৱেশনেৰে ৷

etv bharat

By

Published : May 15, 2019, 3:07 AM IST

কোকৰাঝাৰ, 15 মে’: ৰঙালীৰ আনন্দৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইত বৰ্তমান অব্যাহত আছে বিষুৱাৰ আনন্দ ৷ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ 'বিষুৱা'ক প্ৰাধান্য দিয়াৰ উদ্দেশ্যে ব’হাগ মাহৰ আৰম্ভণিৰে পৰা শেষৰলৈকে কোঁচ-ৰাজবংশী লোকসকলে কোকৰাঝাৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি আহিছে এই উৎসৱ ৷

দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আয়োজন বিষুৱা উৎসৱ

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খুক্‌সী বিষুৱা উৎসৱ উদযাপন সমিতিয়ে ১৪ আৰু ১৫ মে’ত দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ কে.বি.এচ.এম.ই. স্কুলৰ প্ৰাঙ্গনত আয়োজন কৰিছে বিষুৱা উৎসৱৰ ৷ মংগলবাৰে পুৱা বিষুৱাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি ধৃতুৰাজ সিংহ ৰায়ে ৷ লগতে, শ্বহীদ বেদীত মাল্যাৰ্পন কৰে বিষুৱা উদযাপনৰ সমিতিৰ সম্পাদক শিলাজিৎ অধিকাৰীয়ে ৷

সাতগৰাকীকৈ কিশোৰীয়ে সাত বিষুৱাৰ পতাকা উত্তোলন কৰি আৰম্ভণী কৰা হয় অনুষ্ঠান

সাতগৰাকীকৈ কিশোৰীয়ে সাত বিষুৱাৰ পতাকা উত্তোলন কৰাৰ পাচতেই বিষুৱা উৎসৱৰ লগত সংগতি ৰাখি কণ-কণ ল’ৰা ছোৱালীসকলৰ মাজত অনুষ্ঠিত কৰা হয় কুকুৰা যুঁজ, টেকেলী ভঙা আদি বিভিন্ন পৰম্পৰাগত খেল-ধেমালীৰ ৷ ইয়াৰোপৰি, সন্ধিয়ালৈ চৈধ্য বছৰৰ তলৰ আৰু উৰ্দ্ধৰ বিষুৱা ময়না আৰু বিষুৱা সুন্দৰী বাদবাখোন প্ৰতিযোগিতাৰ লগতে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত নৃত্যগীতৰ অনুষ্ঠানো আয়োজন কৰে আয়োজক মণ্ডলীয়ে ৷

ABOUT THE AUTHOR

...view details