বিলাসীপাৰা,18 চেপ্টেম্বৰ: বিলাসীপাৰাত মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে মাৰোৱাৰী যুৱ মঞ্চই ৷ মাৰোৱাৰী যুৱ মঞ্চৰ বিলাসীপাৰা শাখা সমিতিৰ তৎপৰতাত বিলাসীপাৰা চহৰৰ ৮ নম্বৰ ৱাৰ্ড দুৰ্গাপুৰৰ শিক্ষিত নিবনুৱা যুৱকৰ সুৰজিৎ শীলৰ দুৰ্ভগীয়া জীৱনৰ যেন অৱসান ঘটিল ৷ এক পথ দুৰ্ঘটনাত নিজৰ সোঁ ভৰিখন হেৰুৱাই শোকে-তাপে ভাগি পৰা যুৱকজনৰ মুখত হাঁহি বিৰিঙালে মাৰোৱাৰী যুৱ মঞ্চই ৷ মঞ্চৰ কৰ্মী সুৰজ মল জৈনৰ প্ৰচেষ্টাত মঙলবাৰে আন দহজনৰ খোজত খোজ মিলাই পুনৰ খোজ পেলালে যুৱকজনে ৷
বিলাসীপাৰাত মাৰোৱাৰী যুৱ মঞ্চৰ মানৱীয়তাৰ নিদৰ্শন - অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন্দ্ৰ শীল
বিলাসীপাৰা মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰশংসনীয় পদক্ষেপ ৷ মাৰোৱাৰী যুৱ মঞ্চৰ বিলাসীপাৰা শাখা সমিতিৰ তৎপৰতা ৷ ভৰি হোৰোৱা যুৱকৰ বিনামুলীয়াকৈ কৃত্ৰিম ভৰি সংস্থাপন ৷
উল্লেখ্য যে,ৱাৰ্ডটোৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন্দ্ৰ শীল আৰু লিলি শীলৰ একমাত্ৰ পুত্ৰ সন্তান সুৰজিৎ শীলৰ যোৱা বৰ্ষৰ ২৮ অক্টোবৰৰ দিনা এক পথ দুৰ্ঘটনাত সোঁভৰিখন কেবা ঠাইত ভাঙিছিল | পিছত বিহাৰৰ পাটনা চিকিৎসালয় ভৰ্তি কৰিছিল সুৰজিতক | চিকিৎসকে সোঁভৰিখন কাটি পেলোৱাৰ পৰা শয্যাগত হৈ আছিল সুৰজিত | মাৰোৱাৰী যুৱ মঞ্চই যুৱকজনক যোৱা ২৬ অক্টোবৰত পশ্চিমবংগ ৰাজ্যৰ শিলিগুৰি নেশ্যনেল ফাউণ্ডেচন বিকলাংগ কেন্দ্ৰত ভৰ্তি কৰে | কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰি যুৱক জনক সম্পূৰ্ণ সুস্থ কৰি তোলাৰ লগতে সংস্থাপন কৰে কৃত্ৰিম ভৰি | সম্পূৰ্ণ বিনামূলীয়াকৈ কৃত্ৰিম ভৰি সংস্থাপন কৰি যুৱকজনে মঙলবাৰে সন্ধিয়াৰ ভাগত শিলিগুৰিৰ পৰা আহি নিজ বাসগৃহত উপস্থিত হয় ৷
ইফালে পেঞ্চনৰ যৎসামান্য টকাৰে পৰিয়ালৰ ভোৰণ-পোষণ দিয়া সুৰজিতৰ বৃদ্ধ পিতৃয়ে বিকলাংগৰ বাবে সুৰক্ষিত আঁচনিত এটা চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক আবেদন জনাইছে ৷