অসম

assam

ETV Bharat / state

গোসাইগাঁৱত বন বিভাগৰ অভিযান, বাইকসহ কাঠৰ কুণ্ডা জব্দ - গোসাইগাঁও

চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ কচুগাওঁ বনসংমণ্ডৰ বিষয়া মতিলাল বসমুতাৰীৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এখন বাইকৰ লগতে বহু মূল্যবান শাল কাঠৰ কুণ্ডা ৷

ETV BHARAT
গোসাইগাঁৱত বন বিভাগৰ অভিযান, বাইক সহ কাঠৰ কুণ্ডা জব্ধ

By

Published : Dec 5, 2019, 11:43 PM IST


গোসাইগাঁও, 5 ডিচেম্বৰঃ গোসাইগাঁৱত অব্যাহত আছে চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ বন বিভাগৰ অভিযানত শাল কাঠৰ কুণ্ডা সহ এখন ২২০ পালছাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷

গোসাইগাঁৱত বন বিভাগৰ অভিযান, বাইক সহ কাঠৰ কুণ্ডা জব্ধ

গোসাইগাঁৱত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ আনহাতে চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগেও অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ আঠীয়াবাৰী ৰেঞ্জৰ অন্তৰ্গত,কাওছিবজাৰত কঁচুগাওঁ বনসংমণ্ডৰ বিষয়া মতিলাল বসমুতাৰীৰ নেতৃত্বত,আৰু বড়োলেণ্ড এনভাৰমেণ্টেল প্ৰটেকচন চ'ছাইটিৰ যৌথ অভিযানত এখন নম্বৰ প্লেট বিহীন পালচাৰ বাইক সহ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে অভিযানৰ সময়ত এন্ধাৰৰ সুযোগ লৈ দুজন চোৰাং কাঠ সৰবৰাহকাৰী পলায় যাবলৈ সক্ষম হয় ৷ ইতিমধ্যে জব্দকৃত বাইক আৰু কাঠৰ কুণ্ডা কঁচুগাঁৱত থকা বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে বন বিভাগৰ লোকে ৷

লগতে পঢ়ক - গৃহ সমষ্টি মাজুলীত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details