কোকৰাঝাৰ, 20 আগষ্ট : বিটিচি নিৰ্বাচনৰ তাৰিখ পুনৰ ঘোষণা নহ'লেও বড়োভূমিত অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ ৷ বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত ৰাখিছে বড়োভূমিত ৷
বিজেপিয়ে এককভাবে বিটিচি চৰকাৰ গঠন কৰিব : ভবেশ কলিতা
সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি ভবেশ কলিতাই কয় যে, মুঠ ২১ টা আসন পাই বিজেপিয়ে এইবাৰ বিটিচিত পৰিৱৰ্তন আনিব ৷ কোনো দলৰ সৈতে বিজেপিৰ বিটিচি নিৰ্বাচনক লৈ বুজাবুজি হোৱা নাই বুলিও স্পষ্ট কৰে ভৱেশ কলিতাই ৷
তেনে লক্ষ্যৰে বুধবাৰে কোকৰাঝাৰৰ ছেৰফাংগুৰিত নিৰ্বাচনী প্ৰচাৰত ভাগ লয় ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই । কোকৰাঝাৰ জিলাৰ বিজেপি প্ৰাৰ্থী বিভূতি বৰ্গয়াৰী, কবিতা নাৰ্জাৰী, ইউলিয়াম নাৰ্জাৰী, অৰূপ কুমাৰ দে'ক লৈ একেখন মঞ্চত নিৰ্বাচনী প্ৰচাৰ চলায় ভবেশ কলিতাই । এই প্ৰচাৰ অভিযানত মন্ত্ৰী ভবেশ কলিতাই ৰাইজৰ সন্মুখত নিজৰ ভাষণ প্ৰদান কৰি কয় যে, বিজেপিয়ে এইবেলি এককভাবে বিটিচিত চৰকাৰ গঠন কৰাটো নিশ্চিত ৷
তদুপৰি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুঠ ২১ টা আসন পাই বিজেপিয়ে এইবাৰ বিটিচিত পৰিৱৰ্তন আনিব ৷ তথা কোনো দলৰ সৈতে বিজেপিৰ বিটিচি নিৰ্বাচনক লৈ বুজাবুজি হোৱা নাই বুলিও স্পষ্ট কৰে ভৱেশ কলিতাই ৷
লগতে পঢ়ক :বন্যহস্তীৰ মুক্ত বিচৰণক লৈ শংকিত তাৰাজুলি চাহ বাগিছাবাসী