অসম

assam

ETV Bharat / state

ভুৱা প্ৰতিশ্ৰুতি নিদিবলৈ জনপ্ৰতিনিধিক সকিয়নী বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ - বঙালী যুৱ ছাত্ৰ ফেডাৰেছন

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভুৱা প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ চেষ্টা নকৰিবলৈ ৰাজনৈতিক নেতাক সকিয়াই দিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনে । মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে কেতবোৰ দাবী উত্থাপন কৰে । বিধানসভা নিৰ্বাচনত হিন্দু বঙালী অধ্যুষিত সমষ্টিত হিন্দু বঙালী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনায় সংগঠনটোৱে ।

ভুৱা প্ৰতিশ্ৰুতি নিদিবলৈ জনপ্ৰতিনিধিক সকিয়নী বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ
ভুৱা প্ৰতিশ্ৰুতি নিদিবলৈ জনপ্ৰতিনিধিক সকিয়নী বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ

By

Published : Mar 2, 2021, 9:10 PM IST

কোকৰাঝাৰ, ২ মাৰ্চ: নিৰ্বাচনৰ প্ৰাক ক্ষণত সৰৱ হৈছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছন । ৰাজনৈতিক নেতাই নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দি পিছত সেই প্ৰতিশ্ৰুতি পূৰণ নকৰে বুলি সমালোচনা কৰি সংগঠনটোৰ সভাপতি মহানন্দ সৰকাৰ দত্তই কয় যে, সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিলে নহ'ব, প্ৰতিশ্ৰুতিক বাস্তৱত কাৰ্যকৰী কৰিব লাগিব ।

লগতে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনে জনপ্ৰতিনিধিসকলক ৰাজহুৱা স্থানত অপদস্থ কৰিব বুলিও হংকাৰ দিয়ে ৷ মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই । বিধানসভা নিৰ্বাচনত হিন্দু বঙালী অধ্যুষিত সমষ্টিত হিন্দু বঙালী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনায় সংগঠনটোৱে ।

সংবাদমেলত সংগঠনৰ সভাপতিগৰাকীয়ে বিটিআৰত বসবাস কৰা হিন্দু বঙালী লোকৰ বাবে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰে গঠন কৰিবলগীয়া উন্নয়ন ব'ৰ্ডত হিন্দু বঙালীৰ জনগাঁথনি অনুপাতে নিকায়, ব'ৰ্ডসমূহত অগ্ৰাধিকাৰ দিয়াৰ উপৰি জাতীয় সমস্যাৰ হকে মাত মতা স্ব-গোষ্ঠীয় নেতাক অধ্যক্ষ পদত নিয়োগ কৰাৰ আহ্বান জনায় ৷ তদুপৰি বঙালী সম্প্ৰদায়ৰ পৰা বিটিআৰ আৰু কে এ চি পৰিষদত একোজনকৈ চৰকাৰী মনোনীত সদস্য দিয়াৰো আহ্বান জনায় সভাপতিগৰাকীয়ে ৷

স্বদেশী হিন্দু বঙালীক বিদেশী সজাই ডিটেনছন কেম্পত নিক্ষেপ কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি তেনে বিষয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতিগৰাকীয়ে ৷


লগতে পঢ়ক:নিৰ্বাচনৰ সন্দৰ্ভত গোৱালপাৰা জিলা উপায়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details