অসম

assam

ETV Bharat / state

বেন্দেশ্বৰী হাজোৱাৰীলৈ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা" প্ৰদান - বিজ্ঞান মহাবিদ্যালয়

অসমৰ সমাজ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী আদৰ্শবান সু-মাতৃক সন্মান তথা স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয় ।

বেন্দেশ্বৰী হাজোৱাৰীলৈ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা" প্ৰদান

By

Published : Jun 30, 2019, 9:29 AM IST

কোকৰাঋাৰ , ৩০ জুন : শনিবাৰে কোকৰাঝাৰৰ বিশিষ্ট সমাজ সেৱিকা তথা লেখিকা বেন্দেশ্বৰী হাজোৱাৰীলৈ অসম লেখিকা সন্থাৰ একাদশ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা ২০১৯" প্ৰদান কৰা হয় । কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়ত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

বিগত ২০০৯ চনৰ পৰা বাৰ্ষিক ভিত্তিত , আদৰ্শবান নাৰী তথা প্ৰেৰণাদায়ক আদৰ্শ মাতৃ প্ৰয়াত লাৱণ্য হাজৰিকাৰ স্মৃতিত "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা" প্ৰদান কৰি আহিছে । অসমৰ সমাজ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী আদৰ্শবান সু-মাতৃক সন্মান তথা স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয় । নিৰু শৰ্মা পৰাজুলিৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা এই বঁটা প্ৰধান অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লেইচৰম লাধূসিং , কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং , কোকৰাঝাৰ জিলা অতিৰিক্ত অধীক্ষক ৰোজি ৰাণী শৰ্মা , সাহিত্য অকাদিমী মঙ্গল সিং হাজোৱাৰীকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

বেন্দেশ্বৰী হাজোৱাৰীলৈ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা" প্ৰদান

ABOUT THE AUTHOR

...view details