অসম

assam

ETV Bharat / state

গোসাইগাঁৱত বীয়েৰভৰ্তি ট্ৰাক জব্দ, তিনিজনক আটক

বুধবাৰে গোসাইগাঁও সদৰ চহৰৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোসাইগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই, বীয়েৰভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে ।

By

Published : Jul 1, 2020, 10:46 PM IST

beer seized in kokrajhar
beer seized in kokrajhar

কোকৰাঝাৰ, ১ জুলাইঃ শ্ৰীৰামপুৰত এক গোপন তথ্যৰ ভিত্তিত গোসাইগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰক জব্দ কৰে । বুধবাৰে গোসাইগাঁও সদৰ চহৰৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই, বংগ অভিমুখে গৈ থকা UP-২১ AN-৩৫৭৬ নম্বৰৰ ট্ৰাকখন জব্দ কৰে । পৰৱৰ্তী সময়ত ট্ৰাকখন তালাচী চলাই আৰক্ষীয়ে ট্ৰাক খনৰ পৰা বৃহৎ পৰিমাণৰ বীয়েৰ জব্দ কৰে ।

গোসাইগাঁৱত বিয়েৰভৰ্তি ট্ৰাক জব্দ

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ট্ৰাকখন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে । নাকি খান, ৰোশন খান আৰু জয়বান খান নামৰ তিনিওগৰাকী আটকাধীন লোক উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ট্ৰাকখনত প্ৰায় 25 লক্ষাধিক টকাৰ অৰুণাচলী বীয়েৰ আছিল বুলি জানিবলৈ দিয়ে গোসাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টুৰাম বৰাই । বীয়েৰখিনি বংগৰ শিলিগুৰিলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details