কোকৰাঝাৰ, ৪ মাৰ্চ : কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱৰ (Bathou prayer and Kherai Festival in Kokrajhar) ৷ বিটিআৰৰ লগতে সমগ্ৰ বিশ্বতে শান্তি আৰু একতাৰ উদ্দেশ্যৰে আৰম্ভ হোৱা বাথৌ মহোৎসৱ উপলক্ষে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আটক ধুনীয়াকৈ সজাই তোলা হৈছে অস্থায়ী বাথৌ থানশালী অৰ্থাৎ বাথৌ মন্দিৰ ৷ শুকুৰবাৰে বিয়লি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে অস্থায়ী বাথৌ মন্দিৰ প্ৰাংগনত সিজৌ গছ স্থাপন কৰা হয় ৷
ইয়াৰ পাছতে সন্ধিয়াৰ ভাগত অনুষ্ঠিত সমূহীয়া প্ৰাৰ্থনা সভাৰে ধৰ্মীয় মহোৎসৱটিৰ আৰম্ভ হয় ৷ প্ৰথম দিনাৰ ধৰ্মীয় মহোৎসৱত উপস্থিত থাকি মহোৎসৱ থলীৰ মূল প্ৰাৰ্থনা গৃহ উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam legislative assembly Speaker Biswajit Daimary) । প্ৰথম দিনাৰ বাথৌ প্ৰাৰ্থনা আৰু খেৰাই মহোৎসৱত বিটিআৰৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী উপস্থিত থাকে ৷ উল্লেখ্য যে, ধৰ্মীয় অনুষ্ঠানটোত বাথৌ ধৰ্মাৱলম্বীৰ ১০০ গৰাকী দেউৰী অৰ্থাৎ পুৰোহিতৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ দুই হেজাৰ ভক্তই প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰে ৷ উক্ত প্ৰাৰ্থনা সভাত পশ্চিমবংগৰ পৰা অহা ভক্তৰো সমাগম ঘটে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ।