কোকৰাঝাৰ, 13 আগষ্টঃ বৃহস্পতিবাৰে ৰাজ্যজুৰি উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউন্সিল আৰু সদৌ অসম উকীল সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ আদালত খুলি দিয়াৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কোকৰাঝাৰ বাৰ এচ’ছিয়েচনেও কোকৰাঝাৰ বাৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ 11.30 বজাৰ পৰা 12.30 বজালৈ অনুষ্ঠিত হয় এই ধৰ্ণা কাৰ্যসূচী ৷
কোকৰাঝাৰ বাৰ এচ’ছিয়েচনৰ ধৰ্ণা কাৰ্যসূচী - প্ৰতিবাদ
আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও খুলি দিয়া হোৱা নাই আদালতসমূহ ৷ যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মূখীন হৈছে অধিবক্তা তথা আদালতত কৰ্মৰত লোকসকল ৷
কোকৰাঝাৰ বাৰ এচ’ছিয়েচনৰ ধৰ্ণা কাৰ্যসূচী
এই প্ৰতিবাদৰ পিছত দেশৰ মুখ্য ন্যায়াধীশলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বাৰ কাউন্সিল আৰু সদৌ অসম উকীল সন্থাৰ প্ৰতি শাখা কমিটীয়ে ৷ উল্লেখযোগ্য যে, লক ডাউনৰ আৰম্ভণিৰে পৰা বন্ধ হৈ আছে আদালত সমূহ ৷ দেশত আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও খুলি দিয়া হোৱা নাই আদালতসমূহ ৷ যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মূখীন হৈছে অধিবক্তা তথা আদালতত কৰ্মৰত লোকসকল ৷
লগতে পঢ়কঃবাংগালোৰ সংঘৰ্ষঃ ডিজে হল্লী আৰু কেজি হল্লী অঞ্চলত 15 আগষ্ট পৰ্যন্ত বৃদ্ধি 144 ধাৰা