অসম

assam

ETV Bharat / state

কোকৰাঝাৰত আটক ছগৰাকী বাংলাদেশী - Border Organization

বিদেশী ন্যায়াধীকৰণে কেতিয়াবাই ঘোষণা কৰিছিল বিদেশী বুলি ৷ অৱশেষত অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় লোককেইজনক ৷

কোকৰাঝাৰত আটক ছগৰাকী বাংলাদেশী

By

Published : May 7, 2019, 10:09 PM IST

কোকৰাঝাৰ, 7 মেঃ বিদেশী ন্যায়াধীকৰণে কেবাবছৰ পূৰ্বেই বিদেশী বুলি ঘোষণা কৰা ছগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় সীমান্ত শাখাই ৷ কোকৰাঝাৰস্থিত অসম আৰক্ষীৰ সীমান্ত শাখাই অসম বংগ সীমান্তৱৰ্তী শিমলুটাপু অঞ্চলৰ পৰা আটক কৰে লোককেইজনক ৷

কোকৰাঝাৰত আটক ছগৰাকী বাংলাদেশী

বিদেশী ন্যায়াধীকৰণে কেবাবছৰ পূৰ্বেই বিদেশী বুলি ঘোষিত কৰা তথা ইমানদিনে পলাতক হৈ থকা আটকাধীন লোককেইজন হ'ল ক্ৰমে গোসাঁইগাঁও গৰুমাৰা চৰৰ চামাদ ফকিৰ ওৰফে চামাদ আলি, তিনি নং শিমুলটাপুৰ মহম্মদ টাছান আলি শ্বেখ, এক নং শিমলুটাপুৰ প্ৰমোদ দাস আৰু শ্যামলা দাস, শিমলুটাপু ফৰেষ্ট গ্ৰেজিংৰ মজিৰণ বিবি আৰু শিমলুটাপু এনপি তিনিৰ ৰহিটন বিবি ৷

ABOUT THE AUTHOR

...view details