কোকৰাঝাৰ, 23 আগষ্টঃ বাংলাদেশৰ পৰা কোকৰাঝাৰত শিক্ষাগ্ৰহণ কৰিবলৈ অহা 7 জনীয়া শিক্ষাৰ্থীক উষ্ম আদৰণি ৷ বৃহস্পতিবাৰৰ নিশা কোকৰাঝাৰ এক অনুষ্ঠানত আদৰণি জনাই শিক্ষাৰ্থী কেইগৰাকীক ৷ বড়ো সমাজৰ পৃষ্ঠপোষকতাত পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ দলটোক কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আদৰণি সভাৰ আয়োজন কৰা হয় ৷ ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ নেতৃত্বত আয়োজন কৰা সভাত বড়ো সাহিত্য সভা, বাথৌ মহাসভা, এবছুকে ধৰি বহু জাতীয় দল সংগঠনে শিক্ষাৰ্থী দলটোক আদৰণি জনায় ।
কোকৰাঝাৰত বাংলাদেশৰ শিক্ষাৰ্থীক উষ্ম আদৰণি - assam news
বড়ো সমাজৰ পৃষ্ঠপোষকতাত পঢ়িবলৈ অহা বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীৰ দলটোক কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উষ্ম আদৰণি ৷
কোকৰাঝাৰত বাংলাদেশৰ শিক্ষাৰ্থীক উষ্ম আদৰণি
আনহাতে, বিশ্বজিত দৈমাৰীয়ে এইয়া শুভলক্ষণ বুলি কোৱাৰ উপৰিও বাংলাদেশৰ বড়ো আৰু অসম তথা বিটিএডিৰ বড়ো সমাজত সংস্কৃতিক বিনিময় কাৰ্যকসূচীৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে । আদৰণি সভাত বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খামফা বর্গয়াৰী, বিটিচি শিক্ষা বিভাগৰ সঞ্চালক ৰবি শংকৰ বর্গয়াৰী, বিটিচিৰ জুতিয়া সচিব দীনেশ বড়ো, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি দল সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে ৷