অসম

assam

ETV Bharat / state

বালাজান তিনালী ব্যৱসায়ী সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন - MLA Lorence Islary present on 2nd annual foundation day of Balajan Tinali Traders Association

বালাজান তিনালী ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন । সেই উপলক্ষে আয়োজন কৰিলে বিভিন্ন কাৰ্যসূচীৰ । কাৰ্যসূচী অনুযায়ী অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে(Lorence Islary present on annual foundation day of Balajan Tinali Traders Association) ।

Lorence Islary present on annual foundation day of Balajan Tinali Traders Association
বালাজান তিনালী ব্যৱসায়ী সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jun 13, 2022, 10:27 PM IST

কোকৰাঝাৰ, ১৩ জুন: বালাজান তিনালীৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় বালাজান তিনালী ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । কোকৰাঝাৰ জিলাৰ বালাজান তিনালী ব্যৱসায়ী সন্থাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুযায়ী অনুষ্ঠিত হয় এখন মুকলি সভা । উক্ত মুকলি সভাত উপস্থিত থাকে পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী(Lorence Islary present on annual foundation day of Balajan Tinali Traders Association) ।

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ইছলাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হয় । তেওঁ কয় যে ব্যৱসায়ীসকল হ'ল সমাজ তথা দেশৰ অন্যতম চালিকা শক্তি । তেওঁলোক সমস্যাত জৰ্জৰিত হলে তাৰ প্ৰভাৱ সকলোতে পৰে । সেয়ে ব্যৱসায়ীৰ সমস্যা সোনকালে সমাধান কৰা উচিত ।

ছগৰাকী বিশিষ্ট ব্যৱসায়ীক বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে

লগতে বিধায়কগৰাকীয়ে নিজ ভাষণ প্ৰসংগত কয় যে ব্যৱসায়ীসকলৰ লগতে বৃহত্তৰ বালাজান তিনালী অঞ্চলৰ প্ৰতিটো সমস্যা সমাধানত তেওঁ গুৰুত্ব আৰোপ কৰিছে । নিকা আৰু সৎ হলেহে সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰি । এখন ভাল বজাৰে একোটা অঞ্চলৰ ভেটি শক্তিশালী কৰিব পাৰে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

কাৰ্যসূচী অনুযায়ী অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে

বালাজান তিনালী বজাৰৰ আন্ত:গাঁথনি, ৰাস্তা-ঘাট, পদুলিৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে আৰু ইতিমধ্যে চিম্বৰ গাঁৱৰ পৰা বালাজান তিনালীলৈ পথ বহলকৰণৰ কাম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰা হ’ব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত মুকলি সভাতে অঞ্চলটোৰ ছগৰাকী বিশিষ্ট ব্যৱসায়ীক বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে । বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সম্পাদক দৰবিন্দ্ৰ বসুমতাৰীয়ে আঁত ধৰা সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখনৰ সভাপতিত্ব কৰে ধনঞ্জয় নাথে ।

লগতে পঢ়ক:Majuli-Nimati Ghat Ferry service: যি কোনো মুহূৰ্তত বন্ধ হ’ব মাজুলী নিমাতীৰ ফেৰী সেৱা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details