কোকৰাঝাৰ, 26 এপ্ৰিলঃ স্বচ্ছতা সম্পৰ্কে ভাৰত চৰকাৰে জনসাধাৰণক সজাগ সচেতনতা সৃষ্টি কৰিৱৰ বাবে কোটি টকা খৰচ কৰি বিজ্ঞাপন, ফলক ইত্যাদি ব্যৱহাৰ কৰি আহিছে যদিও একাংশ জনসাধাৰণে সেই কথাৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপই নাই ৷ কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত যেন সেই ফোঁপোলাস্বৰূপৰ এক অংশ । কিয়নো আৱৰ্জনাই আৱৰি ধৰিছে শ্ৰীৰামপুৰ বজাৰৰ চৌদিশ ।
গোসাইগাঁৱত স্বচ্ছ ভাৰতৰ ফোপোলা স্বৰূপ - assam news
স্বচ্ছতা সম্পৰ্কে ভাৰত চৰকাৰে জনসাধাৰণক সজাগ সচেতনতা সৃষ্টি কৰিৱৰ বাবে কোটি টকা খৰচ কৰি বিজ্ঞাপন, ফলক ইত্যাদি ব্যৱহাৰ কৰি আহিছে যদিও একাংশ জনসাধাৰণে সেই কথাৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপ নাই ৷ কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত যেন সেই ফোঁপোলাস্বৰূপৰ এক অংশ ৷
গোসাইগাঁৱত স্বচ্ছ ভাৰতৰ ফোপোলা স্বৰূপ
আনহাতে একাংশ ব্যৱসায়ীয়ে নলা-নৰ্দমা সমূহ আৱৰ্জনা আৰু মাটিৰে পূৰ্ণ কৰি পদ পথসমূহ বেদখল কৰাৰ ফলত বাৰিষা এজাক বৰষুণৰ ফলত বজাৰখন পানীৰে উপচি পৰে । ফলত লেতেৰা পানীৰে উপচি পৰে বজাৰ চৌহদ । বাৰিষাৰ আগতে যদি বিহিত ব্যৱস্থা কৰা নাযায়, তেন্তে ভয়ানক লেতেৰা পৰিৱেশৰ সৃষ্টি হ'ব বুলি সচেতন মহলে মত প্ৰকাশ কৰে ।