অসম

assam

ETV Bharat / state

'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' উপলক্ষে কোকৰাঝাৰত সজাগতা সভা - জিলা পৰিবহণ বিভাগ

কোকৰাঝাৰত জিলা পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় দুখনকৈ সজাগতা সভা । 'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' উপলক্ষে গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু গোসাইগাঁও মহাবিদ্যালয় প্ৰাংগনত সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' উপলক্ষে কোকৰাঝাৰত সজাগতা সভা
'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' উপলক্ষে কোকৰাঝাৰত সজাগতা সভা

By

Published : Feb 6, 2021, 10:08 PM IST

কোকৰাঝাৰ, ৬ ফেব্ৰুৱাৰী: 'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ'ৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে যোৱা ১৮ জানুৱাৰীৰ পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । শনিবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱতো পৃথকে পৃথকে দুখনকৈ সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ কোকৰাঝাৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' উপলক্ষে কোকৰাঝাৰত সজাগতা সভা

পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ, বাহন চলাওতে মানিবলগীয়া নীতি-নিয়ম আদি বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজিত এই সভাত অংশগ্ৰহণ কৰে জিলা পৰিবহণ বিষয়া ধজেন বসুমতাৰীয়ে ৷ জিলা পৰিবহন বিষয়াগৰাকীয়ে কয় যে, পথ দুৰ্ঘটনা কেৱল দুৰ্ঘটনাই নহয়, ই মানৱ সমাজৰ বাবে এক অভিশাপ স্বৰূপ ৷ অসাৱধনতাৰ বাবে প্ৰতিদিনে সংঘটিত হৈ থকা পথ দুৰ্ঘটনাই বহু পৰিয়াললৈ অন্ধকাৰ নমাই আনিছে ।

'ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ' উপলক্ষে কোকৰাঝাৰত সজাগতা সভা

লগতে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱাৰ একাধিক উদাহৰণ দাঙি ধৰে বসুমতাৰীয়ে । বিষয়াগৰাকীয়ে বাহনৰ নথি-পত্ৰৰ পৰা আৰম্ভ কৰি বাইক চালকে হেলমেট পৰিধান কৰা, গতি নিয়ন্ত্ৰণ কৰা সন্দৰ্ভতো বক্তব্য আগবঢ়ায় ৷ গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিজয় কৃষ্ণ মুছাহাৰী আৰু আৰক্ষী বিষয়া জয়ন্ত কুমাৰ দাসে সজাগতা সভাখনত অংশ লয় ।

আনহাতে, জিলা পৰিবহণ বিভাগৰ উদ্যোগতে গোসাইগাঁও মহাবিদ্যালয় প্ৰাংগনতো আন এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সজাগতা সভাৰ লগত সংগতি ৰাখি গোসাইগাঁও উত্তৰপাৰা বাছ আস্থানৰ পৰা মহিলাসকলে স্কুটী চলাই সমদল উলিয়ায় ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

ABOUT THE AUTHOR

...view details