কোকৰাঝাৰ, 17 ম': ক্ৰমাৎ চমু চাপিছে লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন ৷ যাৰ বাবে শুকুৰবাৰে কোকৰাঝাৰত জিলা নিৰ্বাচনী বিষয়াসকল নেতৃত্বত ভোট গণনাৰ ছুপাৰভাইজাৰ আৰু ভোট গণনা সহকাৰী বিষয়াসকলৰ উদ্দেশ্যে অনুষ্ঠিত কৰে প্ৰশিক্ষণ কাৰ্যসূচী ৷ আগন্তুক 23 মে' ত পুৱা 8 বজাৰ পৰা আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত ভোট গণনা প্ৰক্ৰিয়াৰ সাধাৰণ পৰ্যবেক্ষক, সহায়ক, নিৰ্বাচন অধিকাৰী আৰু জিলাখনৰ সকলো ৰাজনীতিক দলৰ নিজা নিৰ্বাচনী বিষয়ববীয়া সকল উপস্থিত থাকিব বুলি মন্তব্য কৰে নিৰ্বাচনী বিষয়াসকলে ৷ আনহাতে, পূব কোকৰাঝাৰ এলএচিৰ বাবে 14 খন টেবুলত 28 জন ভোট গণনা অধীক্ষক আৰু সহায়ক থাকিব বুলিও মন্তব্য কৰে ৷
কোকৰাঝাৰত ভোট গণনা প্ৰশিক্ষণ কাৰ্যসূচী - অসম নিউজ
আগন্তুক 23 মে' ত পুৱা 8 বজাৰ পৰা আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত ভোট গণনা প্ৰক্ৰিয়াৰ সাধাৰণ পৰ্যবেক্ষক, সহায়ক, নিৰ্বাচন অধিকাৰী আৰু জিলাখনৰ সকলো ৰাজনীতিক দলৰ নিজা নিৰ্বাচনী বিষয়ববীয়া সকল উপস্থিত থাকিব বুলি মন্তব্য কৰে নিৰ্বাচনী বিষয়াসকলে
কোকৰাঝাৰত ভোট গণনা প্ৰশিক্ষণ কাৰ্যসূচী
উল্লেখ্য যে, প্ৰশিক্ষণ কাৰ্যসূচীত ইলেকট্ৰনিক ভোটিং মেচিন, পোষ্টল বেলটৰ গণনা, ইলেকট্ৰনিক ৰূপত প্ৰেৰণ কৰা ভোট কেনেদৰে কাৰ্যকৰী কৰে তাৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ উপৰিও গণনাৰ লগত জড়িত আন বহুতো গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷