বাক্সা, ১৮ জুনঃ গোসাঁইগাঁৱত ৰিক্সা চালকৰ অনিৰ্দিষ্ট কাললৈ ৰিক্সা বন্ধ কৰাৰ সিদ্ধান্ত । প্ৰতিখন ৰিক্সা পঞ্জীয়নৰ নামত ২০০০০ টকা লোৱাৰ অভিযোগ ৰিক্সা চালক সকলৰ ।
গোসাঁইগাঁৱত অনিৰ্দিষ্ট কাললৈ ই-ৰিক্সা বন্ধ - Gosaigaon
গোসাঁইগাঁও মহকুমাৰ ৰিক্সা চলকসকলৰ মতে প্ৰতিখন গাড়ীৰ বাবে বিভাগীয় কতৃপক্ষই ৰিক্সা পঞ্জীয়নভুক্তিকৰণ,কৰ আদিকে কৰি প্ৰায় মুঠ ২০০০০ টকা নিৰ্ধাৰিত কৰাত ক্ষুব্ধ হৈ পৰিছে চালকসকল। অনিৰ্দিষ্টকাললৈ ৰিক্সা বন্ধ ৰখাৰ ঘোষণা কৰে ই-ৰিক্সা চালক সকলে ।

গোসাঁইগাঁও মহকুমাৰ ৰিক্সা চলকসকলৰ মতে প্ৰতিখন গাড়ীৰ বাবে বিভাগীয় কতৃপক্ষই ৰিক্সা পঞ্জীয়নভুক্তিকৰণ,কৰ আদিকে কৰি প্ৰায় মুঠ ২০০০০ টকা নিৰ্ধাৰিত কৰাত ক্ষুব্ধ হৈ পৰিছে চালকসকল । চৰকাৰ তথা উক্ত বিভাগীয় কতৃপক্ষই সামৰ্থবিহীন সিদ্ধান্তক কটু সমালোচনা কৰে । ৰিক্সা চালক সকলৰ দাবী বৰ্তমান চৰকাৰে মানি নোলোৱালৈকে অনিৰ্দিষ্টকাললৈ ৰিক্সা বন্ধ ৰখাৰ ঘোষণা কৰে । উল্লেখ্য যে, আজিৰ E-riksa বন্ধৰ ফলত সাধাৰণ যাত্ৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলকে ধৰি ৰাইজ যাতায়াতত বহু অসুবিধাৰ হোৱাৰ পৰিলক্ষিত হৈছে ।
লগতে আন এটা বাতৰি - কৃষক নহ'লেও কথা নাই, ঘোচ দিয়ক আৰু কৃষক আঁচনিৰ ধন লওঁক!