কোকৰাঝাৰ, 20 অক্টোবৰ : অসম চৰকাৰে অসম শক্তি বিতৰণক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কোকৰাঝাৰ বিদ্যুৎ মণ্ডল কাৰ্যালয়ত কোকৰাঝাৰ জিলা অসম ষ্টেট পাৱাৰ ৱকাৰ্ছ ইউনিয়নে অসম চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে মান্য নেবিদা তথ্য (এচ বি ডি) ৰ প্ৰতিলিপি দাহ কৰে ৷ অসম ষ্টেট পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ প্ৰতিবাদী সদস্য সকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
কোকৰাঝাৰত অসম ষ্টেট পাৱাৰ ৱৰকাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ - কমিটী
কোকৰাঝাৰ বিদ্যুৎ মণ্ডল কাৰ্যালয়ত কোকৰাঝাৰ জিলা অসম ষ্টেট পাৱাৰ ৱকাৰ্ছ ইউনিয়নে অসম চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে মান্য নেবিদা তথ্য (এচ বি ডি) ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
কোকৰাঝাৰত অসম ষ্টেট পাৱাৰ ৱাৰকাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ
উল্লেখ্য যে, 20 অক্টোবৰত বিজেপি নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ 9 জন কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব, যাক লৈ সমগ্ৰ ৰাজ্যত বিদ্যুৎ বিভাগত কৰ্মৰত লক্ষাধিক কৰ্মচাৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক :গনেশগুৰি উৰনীয়া সেঁতুত বৰ অসমৰ প্ৰতিছবি প্ৰতিফলিত