কোকৰাঝাৰ,১৬ জুনঃ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা । ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা কোকৰাঝাৰ আৰক্ষীৰ ।
কোকৰাঝাৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা - students
কোকৰাঝাৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে কোকৰাঝাৰ আৰক্ষীয়ে ।
উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে এই অনুষ্ঠানত । উক্ত সম্বৰ্ধনা উনুষ্ঠানত বিটিএডিৰ আই জি পি অনুৰাগ আগৰৱালা, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজি ৰাণী শৰ্মা, জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰৰ লগতে অভিভাৱক সকলো উপস্থিত থাকে । প্ৰতিজন কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা পত্ৰৰ লগতে একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰে । এই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ উদ্দেশ্যি বিশিষ্ট অতিথিসকলে বহুমূলীয়া ভাষণ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে ।
লগতে আন এটা বাতৰি- শনিবাৰৰ পৰা নীতি আয়োগৰ পঞ্চমখন অধিবেশন আৰম্ভ