অসম

assam

ETV Bharat / state

কোকৰাঝাৰত জ্বলাই দিয়া হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী - কোকৰাঝাৰত জ্বলাই দিয়া হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে অভিযান । ইয়াৰ মাজতে কোকৰাঝাৰ আৰক্ষীয়ে জ্বলাই দিলে জব্দকৃত নিষিদ্ধ ড্ৰাগছ, গাঞ্জা আদি (Kokrajhar Police burn the seized drugs)। কাৰ্যসূচীত অংশগ্ৰহণ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বি টি আৰৰ আই জি পি ড° এল আৰ বিষ্ণৈসহ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া ।

Kokrajhar
কোকৰাঝাৰত জ্বলাই দিয়া হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

By

Published : Feb 9, 2022, 2:28 PM IST

কোকৰাঝাৰ,৯ ফেব্ৰুৱাৰী :কোকৰাঝাৰ আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ, গাঞ্জা, নিচাযুক্ত টেবলেট আৰু কফ চিৰাপসমূহ মঙলবাৰে জ্বলাই দিয়ে । কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দামাৰীৰ আইটি পাৰ্কৰ সমীপৰ পথাৰত আৰক্ষীয়ে জ্বলাই দিয়ে জব্দকৃত সামগ্ৰীখিনি (Kokrajhar Police burn the seized drugs)। বিভিন্ন সময়ত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫০০ কেজি গাঞ্জা, ১ কেজি হেৰ'ইন, ৩২ গ্ৰাম ব্ৰাউন চুগাৰ, গাঞ্জাৰ ডাল ৬ টা, ৩৩ পেকেট নিচাযুক্ত টেবলেট, কফ চিৰাপ এক বটল জব্দ কৰিছিল ।

কোকৰাঝাৰত জ্বলাই দিয়া হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

আৰক্ষীয়ে এই সকলোবোৰ সামগ্ৰী দণ্ডাধীশৰ উপস্থিতিত জ্বলাই দিয়ে । সেই মূহূৰ্তত উপস্থিত থকা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বি টি আৰৰ আই জি পি ড° এল আৰ বিষ্ণৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যখন ড্ৰাগছমুক্ত কৰাৰ বাবে আৰক্ষীয়ে লক্ষ্য স্থিৰ কৰিছে । সেই অনুসৰি ৰাজ্যত ড্ৰাগছ তথা মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰু আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰী সময়ে সময়ে জব্দ কৰি আহিছে ।

তেওঁ লগতে কয় যে ড্ৰাগছমুক্ত অসম নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । নিচাযুক্ত সামগ্ৰীসমূহ জ্বলাই দিয়াৰ সময়ত জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে, উপ আৰক্ষী অধীক্ষক পুনম পেগুৰ লগতে আৰক্ষীৰ আন উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ।

কোকৰাঝাৰত জ্বলাই দিয়া হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

ইফালে সাংবাদিক নিগ্ৰহৰ ঘটনা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । সাংবাদিক জয়ন্ত দেৱনাথক আক্ৰমণৰ ঘটনাটোত দুখ প্ৰকাশ কৰি তেওঁ কয় যে ইতিমধ্যে দুয়োজন কনিষ্টবলক ৰিজাৰ্ভ ক্লজ কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে । দুয়োপক্ষৰ পৰা দিয়া দুয়োটা গোচৰে বাসুগাঁও থানাত পঞ্জীয়ন হৈছে আৰু ইতিমধ্যে কনিষ্টবল দুজনলৈ শ্ব'কজ নটিচ জাৰি কৰাৰ উপৰিও হেলমেট পৰিধান নকৰাৰ বাবে তেওঁলোকক জৰিমনা বিহা হৈছে । তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণৈয়ে ।

লগতে পঢ়ক :Drugs seized in Diphu: ডিফুত ব্ৰাউন চুগাৰসহ আটক 2 সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details