কোকৰাঝাৰ, ২৪ মেঃ কোকৰাঝাৰত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ অন্তত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ । ৰিটাৰ্ণিং অফিচাৰ পাৰ্থ প্ৰতিম মজুমদাৰে বিজয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে শৰণীয়াক ।
পুনৰ দিল্লীলৈ বাট বুলিলে নৱ শৰনীয়াই
জয়লাভৰ পিছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে এইবেলি নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ মুখামুখি হৈছিল যদিও সমষ্টিবাসীয়ে তেওঁক আদৰি লোৱাত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে নৱ শৰণীয়াই । লগতে কোকৰাঝাৰৰ সামুহিক উন্নয়ণৰ বাবে পদক্ষেপ ল'ব বুলি মন্তব্য নৱ শৰণীয়া ।
কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াই মুঠ 4,84,560 টা ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বণ্ডী বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই মুঠ 446774 টা ভোট লাভ কৰে । 37786 টা ভোটৰ ব্যৱধানত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া ।জয়লাভৰ পিছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে এই নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ মুখামুখি হৈছিল যদিও সমষ্টিবাসীয়ে তেওঁক আদৰি লোৱাত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে নৱ শৰণীয়াই ।
লগতে আন এটা বাতৰি - জ্যেষ্ঠ দলীয় নেতাৰ আশীষ বিচাৰিলে মোডী-শ্বাহে