কোকৰাঝাৰ, 22 এপ্ৰিলঃ মঙলবাৰে বৰপেটা, গুৱাহাটী আৰু ধুবুৰী সমষ্টিৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিটো অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে কোকৰাঝাৰ জিলা প্ৰশাসন ৷ দেওবাৰৰ পুৱাৰে পৰা ব্যস্ততা পৰিলক্ষিত হৈছে জিলাখনত ৷ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে পাৰ কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷
নিৰ্বাচনৰ বাবে প্ৰস্তুত কোকৰাঝাৰ প্ৰশাসন - etv bharat
মঙলবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে কোকৰাঝাৰ জিলা প্ৰশাসন, লোৱা হৈছে যাৱতীয় ব্যৱস্থা ৷
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসণ
কোকৰাঝাৰৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে দিয়া তথ্য অনুসৰি সমগ্ৰ জিলাখনৰ নিৰাপত্তা লগতে ইণ্ডো-ভূটান সীমান্ত পৰ্যন্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে সমষ্টিটোত ভোটাৰৰ মুঠ ভোটাৰৰ সংখ্যা 17,65,411 ৷ ইয়াৰ ভিতৰত 900284 জন পুৰুষ ভোটাৰ আৰু 91514 জনী মহিলা ভোটাৰ ৷