অসম

assam

ETV Bharat / state

নদীত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ - সলিল সমাধি কিশোৰীৰ

শ্ৰীৰামপুৰৰ হাৰাপুটা নদীত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ৷ লগৰীয়া তিনি গৰাকী কিশোৰীৰ কথমপি প্ৰাণ ৰক্ষা ৷

নদীত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ

By

Published : Mar 17, 2019, 11:47 PM IST

১৭ মাৰ্চ,গোসাইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰত দেওবাৰে দুপৰীয়া নদীত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি হোৱাৰ লগতে আন তিনি গৰাকী কিশোৰীৰ কথমপি ৰক্ষা পৰে। সলিল সমাধি ঘটা কিশোৰী গৰাকী শ্ৰীৰামপুৰৰ নিবাসী নিৰ্মল মোদকৰ কন্যা লক্ষ্মী মোদক বুলি জানিব পৰা গৈছে।

নদীত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ

প্ৰাপ্ত তথ্য মতে দেওবাৰে দুপৰীয়া কিশোৰী গৰাকীয়ে লগৰীয়া আন তিনি গৰাকী সমনীয়াৰ সৈতে ঘৰৰ সমীপৰ হাৰাপুটা নৈত গা ধুই থকা অৱস্থাত হঠাৎ লক্ষ্মী গভীৰ পানীত ডুব যায়।পানীত ডুব যোৱা সঙ্গীক উদ্ধাৰ কৰিবলৈ লগৰীয়া সকলে আগবাঢ়ি যাবলৈ ধৰাত তেওঁলোকো পানীত বুৰ যায়। এই দৃশ্য প্ৰত্যক্ষ কৰি কাষতে থকা এজন যুৱকে দৌৰি আহি তিনিগৰাকী কিশোৰীক পানীৰ পৰা উদ্ধাৰ কৰাত তেওঁলোক কথমপি ৰক্ষা পৰে।

ঘটনাৰ প্ৰায় ৪০ মিনিট পাছত উদ্ধাৰ হোৱা লক্ষ্মী মোদকক ততাতৈয়াকৈ গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ষষ্ঠ শ্ৰেণীত অধ্যয়ানত ছাত্ৰী গৰাকীৰ অকাল মৃত্যুয়ে অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে।

ABOUT THE AUTHOR

...view details