অসম

assam

হাইমাদ্ৰাছাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজলিল ৰাশ্বিদুল আলি শ্বেখ

আজি ঘোষণা কৰা হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় গোঁসাইগাঁৱৰ ৰাশ্বিদুল আলি শ্বেখে ৷

By

Published : Jun 6, 2020, 7:24 PM IST

Published : Jun 6, 2020, 7:24 PM IST

ৰাশ্বিদুল আলি শ্বেখ
ৰাশ্বিদুল আলি শ্বেখ

কোকৰাঝাৰ, 6 জুন :আজি ঘোষিত হাইমাদ্ৰাছা পৰীক্ষাৰ কোকৰাঝাৰ জিলাৰ পৰা উজ্বলি উঠিল এগৰাকী ছাত্ৰ ৷ হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত দখল কৰিবলৈ সক্ষম হয় জিলাখনৰ ৰাশ্বিদুল আলি শ্বেখ নামৰ ছাত্ৰগৰাকীয়ে ৷

হাইমাদ্ৰাছাৰ তৃতীয় স্থানত ৰাশ্বিদুল আলি শ্বেখ

লগতে পঢ়কঃপ্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই

আজি ঘোষিত হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ হাছৰাওবাৰীৰ ৰাশ্বিদুল আলি শ্বেখে ৷ তেওঁ হাউৰীয়াপেটৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । সৰ্বমুঠ ৫৫১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিছে কৃতি শিক্ষাৰ্থীগৰাকীয়ে।

2নং হাছৰাওবাৰীৰ এজন ক্ষুদ্ৰ গেলামাল দোকানী আব্দুৰ ৰহমান শেখৰ পুত্ৰ ৰাশ্বিদুলে ভৱিষ্যতে এজন সুনাগৰিক হৈ এজন ভাল চিকিৎসক হোৱাৰ সপোন দেখিছে । ৰাশ্বিদুলে মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল ।

লগতে পঢ়কঃহাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ

ABOUT THE AUTHOR

...view details