কোকৰাঝাৰ, 14 ছেপ্তেম্বৰ : ৰাজ্যপাল জগদীশ মুখীয়ে সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচীৰে সোমাবাৰে কোকৰাঝাৰত উপস্থিত হয় ৷ গুৱাহাটীৰ পৰা স্থলপথেৰে পোনে পোনে কোকৰাঝাৰ আৱৰ্ত ভৱনত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীয়ে ক্ষন্তেক জিৰণি লৈয়ে বিটিচি সচিবালয়ত উপস্থিত হয় ।
বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিচিৰ বিভিন্ন বিভাগৰ বিষয়াৰ সতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব ৰাজ্যপালে । কোকৰাঝাৰ আৱৰ্ত ভৱনত সাংবাদিকৰ এক প্ৰশ্নোত্তৰত বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যপালে কয় যে বিটিচি ৰাজ্যপালৰ শাসনত অহাৰ পিছৰ পৰায়ে এক সুস্থ প্ৰশাসন গঢ়ি তোলাৰ প্ৰয়াস চলাই আহিছে ৷ বিটিএডিৰ চাৰিওখন জিলাত সমগ্ৰ কাম-কাজৰ ওপৰত পৰ্যালোচনা কৰি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ বিটিচি নিৰ্বাচন সন্দৰ্ভত এইসময়ত যিহেতু কোভিড-19ৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি হৈ আছে সেয়েহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে । অৱশ্যে নিৰ্বাচন আয়োগেহে নিৰ্বাচন সন্দৰ্ভত উচিত সিদ্ধান্ত ল'ব বুলি তেওঁ উল্লেখ কৰে । ৰাজ্যপালগৰাকীয়ে আজি স্বাস্থ্য বিভাগৰ পৰা বিতং প্ৰতিবেদন লৈ পৰ্যালোচনা অনুষ্ঠিত কৰিব বুলি সদৰী কৰিছে ৷ ইয়াৰোপৰি বিটিচিত ইতিপূৰ্বৰে পৰা চলি থকা উন্নয়নমুলক কামসমুহ অব্যাহত থাকিব বুলি সদৰি কৰিছে ৰাজ্যপালে ।