অসম

assam

ETV Bharat / state

কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী ৷ বনাঞ্চল ধ্বংসকাৰী, অবৈধ খনন, চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰাজ্যপালগৰাকীৰ ।

কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী
কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

By

Published : Jun 22, 2020, 5:22 PM IST

কোকৰাঝাৰ, 22 জুন : বিটিচিৰ বনাঞ্চল ধ্বংসকাৰী, অবৈধ খনন, চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে । সোমবাৰে কোকৰাঝাৰত উপস্থিত হৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বিটিএডি অঞ্চলক চিৰসেউজ কৰি ৰখাৰ স্বাৰ্থত বনধ্বংস ৰোধ কৰিবই লাগিব বুলি মন্তব্য কৰে ৷ বিটিএডিত এডালো গছ কটাও নহ'ব আৰু এডাল কাঠো সৰবৰাহ কৰিব নোৱাৰিব বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী

বড়োলেণ্ড অঞ্চলৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ তথা অঞ্চলটোক চিৰসেউজ কৰি ৰখাৰ স্বাৰ্থত বিশ্ব পৰিৱেশ দিৱসৰ দিনাৰ পৰাই 40 লাখ গছপুলি ৰোপনৰ অভিযান আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে 13 লাখ গছপুলি ৰোপন কৰা হৈছে বুলি সদৰি কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । ইয়াৰে অংশস্বৰূপে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত সোমবাৰে 400 গছপুলি ৰোপনৰ শুভাৰম্ভ কৰি ৰাজ্যপালগৰাকীয়ে জুন আৰু জুলাই মাহত প্ৰতিগৰাকী লোকক প্ৰতিমাহে 5টাকৈ গছপুলি ৰুবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰী চাকৰিয়াল সকলক 10টাকৈ গছপুলি ৰুবলৈ আহ্বান জনাইছে ।

কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

ইপিনে বিটিচিৰ দূৰ্নীতি সন্দৰ্ভত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে, 27 এপ্ৰিলৰ পৰা বিটিচিৰ শাসনৰ দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা দূৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত পূৰ্বৰ চৰকাৰৰ দূৰ্নীতি সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ বিষয়ে ৰাজ্যপালে গা-এৰা মন্তব্য দিয়ে । উল্লেখ্য যে ৰাজ্যপালে বড়োলেণ্ড বিশ্ববিদ্যালয়ত গছপুলি ৰোপন কৰাৰ পিছত বিটিচিত জনতাৰ দৰবাৰ অনুষ্ঠিত কৰে য'ত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ৰাজ্যপালক সাক্ষাৎ কৰি বিভিন্ন বিষয়ৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰে । ইয়াৰোপৰি ৰাজ্যপালে কোকৰাঝাৰ পৌৰ নিগমৰ অধীনস্থ বজাৰগৃহ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে । তদুপৰি ৰাজ্যপালে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বিটিচিৰ মুখ্য সচিব, প্ৰশাসক, চাৰিওখন জিলাৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, সেনা-অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ সৈতেও বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ বুজ ল'ব ।

লগতে পঢ়কঃবিটিচিত দুৰ্নীতিত লিপ্ত কোনো লোক সাৰি যাব নোৱাৰেঃৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details