অসম

assam

ETV Bharat / state

কেবিনেট বৈঠকৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসন - Badofa Upendra Nath Brahma symmetry

মঙলবাৰে কোকৰাঝাৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Assam Cabinet meeting at Kokrajhar) ৷ ন ৰূপত সজাই তোলা হৈছে বিটিআৰ সচিবালয় ৷ মুখ্যমন্ত্ৰীসহ কেবিনেট মন্ত্ৰীবৰ্গক আদৰাৰ বাবে সাজু কোকৰাঝাৰ (CM attended at Kokrajhar Cabinet meeting) ৷ কেবিনেট বৈঠকক কেন্দ্ৰ কৰি বিটিআৰ সচিবালয়ৰ লগতে কোকৰাঝাৰ চহৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

kokrajhar
kokrajhar

By

Published : Sep 5, 2022, 2:08 PM IST

কোকৰাঝাৰ, ৫ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক লৈ উখল-মাখল বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰ (Assam Cabinet meeting at Kokrajhar) ৷ কোকৰাঝাৰস্থিত বিটিআৰ সচিবালয়ৰ এ ব্লকৰ (BTR Secretariat in Kokrajhar) প্ৰেক্ষাগৃহত কাইলৈ অৰ্থাৎ ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ বহু চৰ্চিত কেবিনেট বৈঠক ৷ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকক লৈ ইতিমধ্যে বিটিআৰ সচিবালয় ন ৰূপত সজাই তোলা হৈছে ৷

কেবিনেট বৈঠকৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসন

ইয়াৰ সমান্তৰালভাৱে নতুন ৰাস্তা-ঘাট নিৰ্মাণেৰে কোকৰাঝাৰ চহৰকো সজাই তোলা হৈছে ৷ ৰাজ্য চৰকাৰৰ কেবিনেটক লৈ ইতিমধ্যে বিটিআৰ আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ কেবিনেট মন্ত্ৰীবৰ্গক আদৰাৰ বাবে সাজু হৈ উঠিছে ৷ কেবিনেট বৈঠকক লৈ বিটিআৰ সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে (Tight Security in Kokrajhar town) ৷

কেবিনেট বৈঠকৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসন

উল্লেখ্য যে কেবিনট বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে সোমবাৰে বিয়লিৰ ভাগত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল কোকৰাঝাৰত উপস্থিত হ'ব ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়াৰ ভাগত কোকৰাঝাৰত আহি উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে মঙলবাৰে পুৱা ৮.৩০ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দোতমাস্থিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰত (Badofa Upendra Nath Brahma symmetry) উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাব ৷

তাতেই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰ তথা উদ্যানৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত বড়োলেণ্ড প্ৰশাসনীয় মহাবিদ্যালয় (Bodoland Administrative Stuff College) ৰ শুভ উদ্বোধন কৰিব ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ বেচৰগাঁৱত উপস্থিত হৈ নিৰ্মাণৰত কোকৰাঝাৰ মেডিকেল কলেজৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'ব ৷

তাৰ পৰা পোনে পোনে বিটিআৰ সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ২২৯ টা ভিচিডিচি ভৱনৰ আধাৰশিলা স্থাপন কৰিব ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে বিটিআৰ সচিবালয়ৰ এ ব্লকৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত অংশ ল'ব ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে নৈশ যাপনৰ কাৰণে ইতিমধ্যে চৰাইখোলাৰ সপ্তম বেটেলিয়নৰ ওচৰত থকা বিটিআৰ পৰ্যটন বিভাগৰ অতিথিশালাটো মেৰামতি কৰি আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷

লগতে পঢ়ক :ডিফুত কাৰ্বি আংলং শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন

ABOUT THE AUTHOR

...view details