কোকৰাঝাৰ , ৫ ফেব্ৰুৱাৰী : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ অসম বন্ধ ঘোষণা । মঙলবাৰে পুৱাৰে পৰা আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধত স্তব্ধ হৈ পৰিছে কোকৰাঝাৰৰ জনজীৱন ।
অসম বন্ধত স্তব্ধ কোকৰাঝাৰৰ জনজীৱন - অসম বন্ধ
বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই আহ্বান জনাইছে ১২ ঘণ্টীয়া অসম বন্ধৰ ।
ETV BHARAT
বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ ফলত জিলাখনত পুৱাৰে পৰা দোকান পোহাৰকে ধৰি চৰকাৰী কাৰ্য্যালয় সমূহ বন্ধ থকাৰ উপৰিও সৰু বৰ যান বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে বিটিএডি অঞ্চলত জনজাতীয় দল সংগঠন সমূহ প্ৰতিবাদ মূখৰ হৈ পৰা পৰিলক্ষিত হৈছে ।