অসম

assam

ETV Bharat / state

কোকৰাঝাৰৰ বিভিন্ন ঠাইত অশোকাষ্টমীৰ আনন্দ - কোকৰাঝাৰ

পাপ মোচনৰ উদ্দেশ্যে পুৱাৰে পৰা নৈৰ ঘাটত উপস্থিত অজস্ৰ হিন্দু ধৰ্মাৱলম্বী লোক ৷ প্ৰবাদ অনুসৰি আজিৰ এই পৱিত্ৰ দিনটোত মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মদিন আৰু আজিৰ এই দিনটোত গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ ব্ৰহ্মপুত্ৰত মিলিত হয় ৷

কোকৰাঝাৰৰ বিভিন্ন ঠাইত অশোকাষ্টমীৰ আনন্দ

By

Published : Apr 13, 2019, 10:04 AM IST

কোকৰাঝাৰ , 13 এপ্ৰিল : পৱিত্ৰ অশোকাষ্টমী উপলক্ষে শনিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ ঘাটসমূহত এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছে ৷ চ’ত মাহৰ শুক্ল অষ্টমী তিথিৰ আজিৰ এই পৱিত্ৰ দিনটোত শুদ্ধিস্নান কৰাৰ উদ্দেশ্যে কোকৰাঝাৰৰ হেল, লোচকা আদি নৈৰ ঘাটসমূহতো পৰিলক্ষিত হয় অনুৰূপ দৃশ্য ৷

কোকৰাঝাৰৰ বিভিন্ন ঠাইত অশোকাষ্টমীৰ আনন্দ

প্ৰবাদ আছে যে আজিৰ এই পৱিত্ৰ দিনটো হেনো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মদিন আৰু আজিৰ এই দিনটোত গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ ব্ৰহ্মপুত্ৰত মিলিত হয় ৷ সেয়ে অক্ষয় পুণ্য লাভ আৰু শোক নিবাৰণৰ আশাতেই আজিৰ এই বিশেষ দিনটোত প্ৰত্যেকগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকে ব্ৰহ্মপুত্ৰ নৈৰ বুকুত শুদ্ধিস্নান কৰে ৷ হিন্দুধৰ্মৰ ধাৰ্মিক উৎসৱ হিচাপে পৰিগণিত আজিৰ এই পৱিত্ৰ দিনটোত কোকৰাঝাৰৰ খুক্‌সী, ব্ৰজখাল, শিলিপতা, বৰাগাৰী, বলদিয়াবাথান মুখীগাঁও, চালানী, বেলটাৰী, চিথিলা আদি অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পুৱাৰে পৰা লোচকা, হেল আদি নৈৰ ঘাটত উপস্থিত হৈ পূজা-পাতল আৰু শুদ্ধিস্নান কৰাৰ লগতে শোক নিবাৰণ আৰু অক্ষয় পুণ্য লাভৰ বাবে গংগা মাৰ চৰণত প্ৰাৰ্থনা জনায় ৷

ABOUT THE AUTHOR

...view details