কোকৰাঝাৰ, 29 জুলাই :চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ৰাজ্যৰ ২৭ টা স্থানত মুকলি কৰা হয় পেঞ্চন সেৱা কেন্দ্ৰ ৷ সেইমৰ্মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ (মহানগৰ)ত প্ৰথমটো পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰাৰ(Assam CM inaugurates Pension Service Centre in Guwahati) পিছতেই কোকৰাঝাৰতো মন্ত্ৰী অশোক সিংঘালে পেঞ্চন সেৱা কেন্দ্ৰটিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে(Pension Seva Kendra inaugurates in Kokrajhar) ।
বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী অৰূপ কুমাৰ দে, বিটিআৰৰ শিক্ষা বিভাগৰ সঞ্চালক জে পি ব্ৰহ্মকে আদি কৰি বহু বিশিষ্ট অতিথিৰ উপস্থিতিত শুকুৰবাৰে মন্ত্ৰী অশোক সিংঘালে পেঞ্চন সেৱা কেন্দ্ৰটিৰ আনুষ্ঠানিকভাৱে মুকলি(Ashok Singhal inaugurates Pension service center in Kokrajhar)কৰি কয় যে, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এক অভিলাষী আঁচনি আৰু এই কৃতজ্ঞতা আঁচনিৰ যোগেদি অৱসৰগ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব ।
মুখ্যমন্ত্ৰীৰ দুৰদৰ্শী চিন্তাৰ পৰিণতিতে উক্ত আঁচনিয়ে আজি বাস্তৱ ৰূপ পালে ৷ লগতে এই পেঞ্চন সেৱা কেন্দ্ৰলৈ নিজ কামৰ বাবে অহা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল কোনো কাৰণতে যাতে বেয়া ব্যৱহাৰৰ সন্মুখীন নহয় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় মন্ত্ৰী অশোক সিংঘালে ৷