অসম

assam

By

Published : Aug 2, 2019, 11:55 PM IST

ETV Bharat / state

কোকৰাঝাৰত বান ক্ষতিগ্ৰস্তৰ পৰ্যালোচনা সভা

কোকৰাঝাৰত বানৰ ক্ষতিগ্ৰস্তৰ ওপৰত পৰ্যালোচনা সভা অনুষ্ঠিত কৰিলে জিলা প্ৰশাসনে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত অলপতে হৈ যোৱা বানপানীত ক্ষতিগ্ৰস্তৰ ওপৰত এখন মেল অনুষ্ঠিত কৰে জিলা প্ৰশাসনে ৷

কোকৰাঝাৰত অনুষ্ঠিত বান ক্ষতিগ্ৰস্তৰ পৰ্যালোচনা মেল অনুষ্ঠিত জিলা প্ৰশাসনৰ

কোকৰাঝাৰ, 2 জুলাইঃ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰৰ সভাপতিত্বত শুক্ৰবাৰে অনুষ্ঠিত হয় বানৰ ক্ষতিগ্ৰস্তৰ ওপৰত পৰ্যালোচনা মেল ৷ উক্ত মেলত উপস্থিত থাকি বানপানী ক্ষতিগ্ৰস্তৰ বুজ লয় অসমৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । জিলা প্ৰশাসনৰ উক্ত সভাত বিশেষকৈ জল সম্পদ, কৃষি , গড়কাপ্তানী আদিকে ধৰি বিভিন্ন বিভাগীয় বিষয়া সকলে উপস্থিত হৈ বান ক্ষতিগ্ৰস্তৰ বিষয়ে বিস্তৃতভাৱে সভাক অৱগত কৰে ৷ মেলত সভাপতিত্ব কৰি জিলা উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে বিভাগীয় বিষয়া সকলক বান ক্ষতিগ্ৰস্তৰ সম্পূৰ্ণ প্ৰতিবেদন অহা দহ আগষ্টৰ ভিতৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

কোকৰাঝাৰত অনুষ্ঠিত বান ক্ষতিগ্ৰস্তৰ পৰ্যালোচনা মেল অনুষ্ঠিত জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details