অসম

assam

ETV Bharat / state

বিজেপি আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাৰ লগত ধনৰ ভাগ বতোৱাৰা কৰিছে: দুৰ্গা দাস বড়ো - বিটিএডিত

হাগ্ৰামাক বলে নোৱাৰি এতিয়া বিজেপিয়ে প্ৰমোদ বড়োক লগত লৈ স্বাৰ্থ সিদ্ধিৰ পৰিকল্পনা কৰিছে: দুৰ্গা দাস বড়ো। ফকিৰাগ্ৰামত বুধবাৰে টাউন ব্লক সমিতিৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে অসম ৰাজ্যিক কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীয়ে। ছাত্ৰ নেতা লাফিকুলৰ হত্যাকাৰীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুকুৱাই ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে দুৰ্গা দাস বড়োৱে।

বিজেপি আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাৰ লগত ধনৰ ভাগ বতোৱাৰা কৰিছে: দুৰ্গা দাস বড়ো
বিজেপি আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাৰ লগত ধনৰ ভাগ বতোৱাৰা কৰিছে: দুৰ্গা দাস বড়ো

By

Published : Nov 18, 2020, 3:26 PM IST

কোকৰাঝাৰ, ১৭ নৱেম্বৰ: বিটিএডিত ইমানদিনে শাসন, শোষণ, নিষ্পেষণ চলোৱাত সাৰ-পানী যোগান ধৰা মানুহ আচলতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা বুলি বিস্ফোৰক মন্তব্য কৰে অসম ৰাজ্যিক কংগ্ৰেছ সমিতিৰ সভাপতি দুৰ্গা দাস বড়োৱে। বুধবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত টাউন ব্লক সমিতিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। বড়োৱে বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপি দল আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।

বিজেপি আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাৰ লগত ধনৰ ভাগ বতোৱাৰা কৰিছে: দুৰ্গা দাস বড়ো

তেওঁ কয় যে, 'কেন্দ্ৰই আবণ্টন দিয়া ১ হাজাৰ কোটি টকাৰ ৬০০ কোটি টকা হাগ্ৰামাক দি বাকী ৪০০ কোটি মন্ত্ৰী ড০ শৰ্মাই নিজৰ পকেটত সোমাইছে বুলি হাগ্ৰামাই ৰাজহুৱা কৰি 'মই যদি চোৰ, তেন্তে হিমন্ত ডকাইত' বুলি কৰা মন্তব্যই আচল চোৰ দিছপুৰত থকাকে ইংগিত দিছে।' লগতে প্ৰমোদ বড়োক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধানে থাকিবলৈ সকিয়াই দি বিজেপিয়ে তেওঁক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে অসম ৰাজ্যিক কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীয়ে। আগন্তুক নিৰ্বাচনত বিটিএডিত কংগ্ৰেছ দলে দুটা সংখ্যাযুক্ত আসন লাভ কৰাটো নিশ্চিত যদিও কোনো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা নাপায় বুলি মন্তব্য কৰে।

আনহাতে মহামাৰীৰ সংক্ৰমণৰ অচিলাৰে বিজপিয়ে নিজৰ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ পিছতহে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে। এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কৈ শেষত বিটিএডিৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে দুৰ্গা দাস বড়োৱে। শান্তি-সম্প্ৰীতি ৰক্ষা কৰি একত্ৰিত হৈ গণতান্ত্ৰিকভাৱে ভোটদানৰ বাবে বিডিএডিৰ ৰাইজক আহ্বান জনায় বড়োৱে। ২০ টা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ সম্প্ৰতি প্ৰচাৰ অভিযান অব্যাহত থকাৰ কথাও সদৰি কৰে।

'আমাক ভোট দিলে তিনি মাহৰ ভিতৰত এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুলৰ হত্যাকাৰীক উলিয়াই দিম' বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, তিনি মাহৰ ভিতৰত হত্যাকাৰী উলিয়াই দিয়াৰ অৰ্থ হ'ল হিমন্ত‌ই ইমানদিনে হত্যাকাৰীক ক'ৰবাত লুকুৱাই ৰাখিছে। বিজেপি দল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে অসম ৰাজ্যিক কংগ্ৰেছ সমিতিৰ সভাপতি দুৰ্গা দাস বড়োৱে।

লগতে পঢ়ক:সাংবাদিকক নিৰাপত্তাৰ প্ৰদানৰ দাবীত প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ

ABOUT THE AUTHOR

...view details