অসম

assam

ETV Bharat / state

বানত বুৰিল বিধায়কৰ বাসগৃহ

সমান্তৰালকৈ বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰো প্লাৱিত হৈছে কৃত্ৰিম বানত ৷ চহৰ খনৰ প্ৰায় ভাগ অঞ্চলেই এতিয়া পানীৰ তলত ৷

Artificial flood in Kokrajhar
কোকৰাঝাৰত কৃত্ৰিম বানৰ কৱলত বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বাসগৃহ

By

Published : Jun 27, 2020, 7:06 PM IST

কোকৰাঝাৰ, 27 জুন: বিগত কেইবাদিনো ধৰি হৈ থকা নেৰনেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বানপানীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ সমান্তৰালকৈ বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰো প্লাৱিত হৈছে কৃত্ৰিম বানত ৷ চহৰ খনৰ প্ৰায় ভাগ অঞ্চলেই এতিয়া পানীৰ তলত ৷ আনকি বিপিএফৰ বিধায়ক ৰাবিৰাম নাৰ্জাৰীৰ ঘৰতো দেখা গৈছে কৃত্ৰিম বান ৷ বিগত দুদিন ধৰি কৃত্ৰিম বানৰ কৱলত ডুবি আছে কোকৰাঝাৰৰ ৰূফাঠি নগৰত থকা পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বাসগৃহ ৷

কোকৰাঝাৰত কৃত্ৰিম বানৰ কৱলত বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বাসগৃহ

বিশেষকৈ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত অপৰিকল্পিত ভাৱে নিৰ্মাণ হোৱা নলা নদৰ্মা আৰু চহৰৰ পদপথৰ ওপৰত অসাধু ব্যৱসায়ীয়ে নিৰ্মাণ কৰা দোকান পোহাৰৰ বাবেই কৃত্ৰিম বানপানীৰ কৱলত হাবুডাবু খাৱ লগা হৈছে সৰ্ৱসাধাৰন জনতাই ৷

লগতে পঢ়কঃ বান প্ৰলয়ঃ বিগত এমাহে জলবন্দী দধীয়া-লাইকাবাসী

ABOUT THE AUTHOR

...view details