কোকৰাঝাৰ, 17 মাৰ্চঃবিটিচি নিৰ্বাচনৰ পূৰ্বে মঙলবাৰেকোকৰাঝাৰ আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰি কৰিছে ।
কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই ভাৰত-ভূটান সীমান্তৱৰ্তী লাওপানী আৰু উল্টাপানীৰ মাজত উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰ সমূহ AK ৫৬ দুটা , গ্ৰেণেড লাঞ্চাৰ এটা , পইণ্ট ২২ ৰাইফল এটা , দেশীয় নিৰ্মিত ৰাইফল ১১ টা , পইণ্ট ২২ পিষ্টল এটা , ৭.৬৫ MM পিষ্টল দুটা , ৭.৯ MM পিষ্টল এটা , দেশীয় নিৰ্মিত পিষ্টল তিনিটা , একে ৫৬ ৰ মেগজিন ১১ টা , M ১৬ ৰাইফলৰ মেগজিন দুটা , পইণ্ট ২২ ৰাইফলৰ মেগজিন এটা , পইণ্ট ২২ পিষ্টলৰ মেগজিন এটা , 9 MM পিষ্টলৰ মেগজিন ১০টা , ৭.৬৫ MM ৰ মেগজিন ছয়টা , চাৰি শতাধিক সজীৱ গুলী , ছেটেলাইট ফোন , চাইনিজ গ্ৰেণেডকে ধৰি বহু বিস্ফোৰক সামগ্ৰী ।