কোকৰাঝাৰ,31 ডিচেম্বৰ:বছৰৰ অন্তিমটো দিনত কোকৰাঝাৰ আৰক্ষীৰ সফল অভিযান ৷ কোকৰাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত উদ্ধাৰ হৈছে কিছু পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ ৷ এই ঘটনাই সমগ্ৰ জিলাখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ পূৰ্বেও বিটিআৰৰ অধীনষ্ঠ বহু এলেকাত সময়ে সময়ে উদ্ধাৰ হৈছিল মাৰণাস্ত্ৰ ৷ বুধবাৰে নিশা বিশমূৰী উপ-আৰক্ষী চকীৰ অন্তৰ্গত বিশমূৰী বনাঞ্চলত অভিযান চলাই আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰে মাৰণাস্ত্ৰসমূহ ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে- এ কে 47 ৰ দুটা ৰাইফল, দুটা গ্ৰেণেড, এ কে 47 ৰ এটা মেগজিন আৰু 7.65 এম এমৰ 9 জাঁই সজীৱ গুলি ৷
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ - মাৰণাস্ত্ৰ
কোকৰাঝাৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ কিছু পৰিমাণৰ মাৰণাস্ত্ৰ ৷ জিলাখনৰ বিশমুৰী বনাঞ্চলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰখিনি ৷ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এ কে 47 ৰ দুটা ৰাইফল, দুটা গ্ৰেণেড, এ কে 47 ৰ এটা মেগজিন আৰু 7.65 এম এমৰ 9 জাঁই সজীৱ গুলি ৷
![কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কোকৰাঝাৰত মাৰণাস্ত্ৰ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10073372-thumbnail-3x2-a.jpg)
কোকৰাঝাৰত মাৰণাস্ত্ৰ উদ্ধাৰ
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ
বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাই সদৰী কৰা মতে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুধবাৰে নিশা কোকৰাঝাৰ আৰু বিশমূৰী আৰক্ষীয়ে যৌথভাৱে এই অভিযান চলাইছিল ৷ প্ৰায় 4 ঘণ্টা যোৰা এই অভিযানৰ পিছত আৰক্ষীয়ে এজোপা গছৰ তলৰ পৰা পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মাৰণাস্ত্ৰসমূহ ৷ উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ সন্দৰ্ভত আন কোনো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে ৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত থকা বুলি সংবাদমেলখনত সদৰী কৰে ৷
Last Updated : Dec 31, 2020, 7:26 PM IST