অসম

assam

ETV Bharat / state

কোকৰাঝাৰ এপিডিচিএল কৰ্মচাৰীৰ প্ৰতিবাদ - assam news

কোকৰাঝাৰ এপিডিচিএল অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ ৷ অসম চৰকাৰৰ শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলক স্থায়ীভাৱে নিযুক্ত দিবলৈ 28 এপ্ৰিল পৰীক্ষা অনুস্থিত কৰিছিল বিভাগটোৱে ৷ কিন্তু 27 এপ্ৰিল তথা শনিবাৰ আবেলি পৰ্যন্ত কৰ্মচাৰীসকলে লাভ নকৰিলে প্ৰৱেশ পত্ৰ ৷

কোকৰাঝাৰ এপিডিচিএল কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Apr 27, 2019, 9:05 PM IST

কোকৰাঝাৰ, 27 এপ্ৰিল: কোকৰাঝাৰ এপিডিচিএলৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ ৷ অসম চৰকাৰৰ শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলক স্থায়ীভাৱে নিযুক্ত দিবলৈ 28 এপ্ৰিল পৰীক্ষা অনুস্থিত কৰিছিল বিভাগটোৱে ৷ কিন্তু 27 এপ্ৰিল তথা শনিবাৰ আবেলি পৰ্যন্ত কৰ্মচাৰীসকলে লাভ নকৰিলে প্ৰৱেশ পত্ৰ ৷ যাৰ বাবে কোকৰাঝাৰ অসম শক্তি বিতৰণ কোম্পানী সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয় প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷

কোকৰাঝাৰ এপিডিচিএল কৰ্মচাৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, বিগত পাচ বছৰ ধৰি কোকৰাঝাৰ, ফকিৰাগ্ৰাম, গচাইগাঁও মণ্ডলত প্ৰায় তিনিশ কৰ্মচাৰীয়ে মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্কত অস্থায়ী হিচাবে নিযুক্তি হৈ আছে । বিভিন্ন সময়ত কৰ্মচাৰীসকলক স্থায়ী চাকৰিয়াল ৰূপে নিযুক্তি দিয়া হ'ব বুলি আশা দিয়ে যদিও বৰ্তমান পৰ্যন্ত বঞ্চিত হৈ আহিছে কৰ্মচাৰীসকল ৷ এইবাৰো চাকৰি নিয়মীয়াকৰণৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ পৰা এইসকল কৰ্মচাৰীক বঞ্চিত কৰাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকল ৷

ABOUT THE AUTHOR

...view details