কোকৰাঝাৰ, 8 আগষ্ট:বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰীয়ে সৰ্বভাৰতীয় বিদ্যুত কৰ্মী-অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত সাব্যস্ত কৰিছে প্ৰতিবাদ (Protest against the electricity amendment bill 2022) ৷ সামান্তৰালকৈ সোমবাৰে কোকৰাঝাৰৰ এপিডিচিএলৰ কাৰ্যালয়ৰ প্ৰাংগণত জনস্বাৰ্থ বিৰোধী বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত বিদ্যুৎ কৰ্মী-অভিযন্তাসকলে দিনজোৰা ধৰ্মঘট পালন কৰে (APDCL employees Protest in Kokrajhar ) ।
লগতে হাতে হাতে প্লে’ কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় বিদ্যুত কৰ্মী- অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ গোসাইগাঁও শাখাৰ কাৰ্যকৰী সম্পাদক বিনোদ মিৰধাই চৰকাৰে অতি গোপনে আৰু চতুৰালিৰে সংসদৰ চলিত অধিৱেশনতে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ গৃহীত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷