অসম

assam

ETV Bharat / state

পুনৰ মুখথেকেচা কংগ্ৰেছৰ: বিজেপিক গুৱাহাটীবাসীয়ে শেষ সুযোগ দিয়া বুলি মন্তব্য ভূপেন বৰাৰ - গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora reacts on GMC election result 2022)৷ গুৱাহাটীবাসীয়ে বিজেপিক শেষ সুযোগ দিয়া বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ আনহাতে আসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীকো সাক্ষাৎ কৰে ভূপেন বৰাই ৷

Bhupen Bora reacts on GMC election result 2022
বিজেপিক গুৱাহাটীবাসীয়ে শেষ সুযোগ দিয়া বুলি মন্তব্য ভূপেন বৰাৰ

By

Published : Apr 24, 2022, 6:33 PM IST

কোকৰাঝাৰ, ২৪ এপ্ৰিল: দেওবাৰে ঘোষণা কৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলফলত এখনো আসন দখল কৰিব নোৱাৰি শোচনীয়ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হ’ল কংগ্ৰেছ দলে ৷ ৰাজ্যত ক্ৰমান্বয়ে শক্তিহীন হৈ পৰা কংগ্ৰেছ দলে শেহতীয়াকৈ পৌৰ সভাৰ নিৰ্বাচন আৰু উপ-নিৰ্বাচনত বিফলতাৰ মুখ দেখাৰ পাছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত শূণ্য এখনো আসন দখল কৰিব নোৱাৰিলে ৷ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিলে 60 খন আসনৰ ভিতৰত 58 খন আসন ৷

নিৰ্বাচনত পুনৰবাৰ মুখ ঠেকেচা খোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য আগবঢ়াইছে এই পৰাজয়ৰ সন্দৰ্ভত (Bhupen Bora reacts on GMC election result 2022) ৷ ভূপেন বৰাৰ মন্তব্য অনুসৰি গুৱাহাটীবাসীয়ে শেষ সুযোগ দিছে বিজেপিক৷ গুৱাহাটীৰ প্ৰধান সমস্যা খোৱাপানীৰ সমস্যা আৰু কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে এই সুযোগ দিয়া বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক জুন মাহৰ পৰা গুৱাহাটীৰ ঘৰে-ঘৰে খোৱাপানী যোগান ধৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে ভূপেন বৰাই (Himanta Biswa Sarma on Guwahati Civic Issues) ৷

আনহাতে, দেশৰ প্ৰধানমন্ত্ৰীক লৈ কৰা সমালোচনামূলক টুইটক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হোৱা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ ৰবিবাৰে কোকৰাঝাৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী (Bhupen Bora meets Jignesh Mevani) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাসহ বহুকেইগৰাকী কংগ্ৰেছী বিধায়ককলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা পোনে-পোনে কোকৰাঝাৰৰ ৰনেন্দ্ৰ ভৱনত উপস্থিত হয় আৰু জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰনেন্দ্ৰ ভৱনৰ পৰাই দলীয় নেতা-কৰ্মীক লৈ সদলবলে কোকৰাঝাৰৰ চহৰৰ আৰ এন বি ৰোড হৈ বিশাল সমদল কৰি কোকৰাঝাৰ সদৰ থানাত উপস্থিত হয় ৷

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই দেওবাৰে কংগ্ৰেছৰ দুগৰাকী বিধায়ক ক্ৰমে একে ৰছিদ আলম আৰু দিগন্ত বৰ্মণক লগত লৈ কোকৰাঝাৰ আৰক্ষী জিন্মাত থকা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও কেৱল ভূপেন বৰাকহে সাক্ষাতৰ অনুমতি দিয়াত বৰাই থানাৰ সন্মুখতে অৱস্থান কৰে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ভূপেন বৰাসহ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৷

অৱশ্যে পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ বিটিআৰৰ মুখপাত্ৰ গৰ্জন মুছাহাৰীক লগত লৈ জিগনেশ মেৱানীক সাক্ষাৎ কৰে ৷ ইপিনে ভূপেন বৰাই সংবাদমাধ্যমৰ আগত কয় যে, বিজেপি চৰকাৰে গুজৰাটৰ নিৰ্বাচনক লৈ ষড়যন্ত্ৰমুলকভাৱে জিগনেশ মেৱানীৰ কন্ঠ ৰুদ্ধ কৰিবলৈ তেওঁক বন্দী কৰি ৰাখিছে ৷ কাৰণ গুজৰাটত বিজেপিৰ অৱস্থা ভাল নহয় আৰু বিজেপি-আৰএছএছ বিৰোধী নেতা আছিল জিগনেশ মেৱানী৷ বিজেপিয়ে গণতন্ত্ৰৰ শক্তিশালী কন্ঠসমূহলৈ ভয় কৰে বুলিও মন্তব্য কৰে বৰাই ৷

মেৱানীক গ্ৰেপ্তাৰ কৰি বিজেপি চৰকাৰে অসম আৰক্ষীক ব্যৱহাৰ কৰা বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ এই কাৰ্যৰ জৰিয়তে সমগ্ৰ দেশতে অসমৰ বদনাম কৰা বুলি মন্তব্য কৰি বৰাই কয় যে, অসম আৰক্ষীয়ে বিজেপি আৰু আৰএচএচৰ হাথিয়াৰ হৈ কাম কৰিছে ৷ উল্লেখ্য যে, মেৱানী আৰক্ষীৰ জিন্মাত থকা আজি তিনিদিন সম্পূৰ্ণ হ’ব আৰু ন্যায়াধীশে পুনৰাই আৰক্ষীৰ জিন্মাত নিদিব বুলি আশাবাদী ভূপেন বৰা ৷

লগতে পঢ়ক:কংগ্ৰেছৰ শূণ্য প্ৰদৰ্শন: অভিলেখ সৃষ্টি কৰি গেৰুৱা হ’ল গুৱাহাটী পৌৰ নিগম

ABOUT THE AUTHOR

...view details