অসম

assam

By

Published : Jul 2, 2019, 3:19 PM IST

Updated : Jul 2, 2019, 4:18 PM IST

ETV Bharat / state

ছানা উল্লাহ আৰু মধুবালা মণ্ডলৰ পাছত আন এগৰাকী বৃদ্ধ

সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী সত্তৰোৰ্ধৰ বৃদ্ধ ৷ যাৱতীয় সকলো নথি পত্ৰ থকাৰ পাছতো ডেৰ মাহৰ পূৰ্বে প্ৰেৰণ কৰিলে ডিটেনশ্বন কেম্পলৈ ৷

সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী সত্তৰোৰ্ধ বৃদ্ধ

গোসাইগাঁও,2 জুলাই : আকৌ এবাৰ পোহৰলৈ আহিল বিদেশী ন্যায়াধীকৰণৰ নামত হাৰাশাস্তি হোৱা এক হৃদয় বিদাৰক ঘটনা ৷ এন আৰ চি খচৰাত নাম থকা সত্বেও ডিটেনশ্বন কেম্পলৈ যাব লগীয়া হ'ল নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ২ নম্বৰ জয়মাগুৰী গাঁৱৰ বাসিন্দা আনোৱাৰ উদ্দিন শ্বেখ ওৰফে ভোগদুল নামৰ এগৰাকী বৃদ্ধ ৷ আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ প্ৰদান নকৰি সীমান্ত আৰক্ষীয়ে প্ৰায় ডেৰমাহৰ পূৰ্বে ভোগদুলক প্ৰেৰণ কৰিলে ডিটেনশ্বন কেম্পলৈ ৷ ঠেলা চলাই পৰিয়াল পোহ-পাল দিয়া বৃদ্ধ গৰাকীয়ে বৰ্তমান নামৰ বিভ্ৰান্তিৰ বাবেই স্বদেশী হৈও বিদেশীৰ অপবাদ লৈ বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে ৷ ৰাইজৰ বিৱৰণী অনুসৰি,ভোগদুল নামেৰে গাঁওখনত পৰিচিত আনোৱাৰৰ ওচৰত যাৱতীয় নথি-পত্ৰ,ভোটাৰ কাৰ্ড,ৰেচন কাৰ্ড থকাৰ লগতে ১৯৭১ চনৰ লিগেচী ডাটাতো নাম সন্নিবিষ্ট আছে। সকলোৰে আগত ভোগদুল হিচাপে পৰিচিত হোৱা বাবেই সন্দেহজনক নাগৰিক সজাই সীমান্ত আৰক্ষীয়ে তেওঁক বন্দী কৰি ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে ৷

সীমান্ত আৰক্ষীৰ অবিবেচক কাণ্ডৰ বলি হ'ল এগৰাকী সত্তৰোৰ্ধ বৃদ্ধ

১৯৭১ চনৰ বহু পূৰ্বৰে পৰা গাঁও খনত বসবাস কৰা লোকজনৰ পত্নী আৰু স্বামী জীয়ৰীয়ে বৰ্তমান ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷ পৰিয়ালটোৰ এনে দূৰ্দশা প্ৰত্যক্ষ কৰি গাঁৱৰ জ্যেষ্ঠ নাগৰিক সকলে বিদেশী ন্যায়াধীকৰণ আৰু সীমান্ত আৰক্ষীক তীব্ৰ সমালোচনা কৰে।

Last Updated : Jul 2, 2019, 4:18 PM IST

ABOUT THE AUTHOR

...view details