গোসাইগাঁও, 5 নৱেম্বৰ :গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু পেট্ৰ'লজাত সামগ্ৰী তথা ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি, প্ৰতিবিধ খাদ্য-সামগ্ৰীৰ সৰ্বোচ্চ খুচুৰা মূল্য নিৰ্ধাৰণ কৰা, পেট্ৰ'ল আৰু ডিজেলত আৰোপ কৰা ৰাজ্য চৰকাৰৰ শুল্ক আৰু ভেট হ্ৰাস কৰা আদি বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট - গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট
অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট । আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিয়ে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোসাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট
প্ৰতিবাদীসকলে বিজেপি চৰকাৰ হায় হায়, আমছু জিন্দাবাদ, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী মূৰ্দাবাদ, খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে শতাধিক প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়ক :সুধাকণ্ঠক দীঘলীপুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ