অসম

assam

ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ - UGC ৰ গাইড লাইন উলংঘা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ

সময় মতে B.Ed পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে বিপদৰ সন্মূখীন হৈছে বহু শিক্ষাৰ্থী ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপিত হৈছে গাফিলতিৰ গুৰুতৰ অভিযোগ ৷

Allegations of negligence against the Bodoland University
Allegations of negligence against the Bodoland University

By

Published : Aug 28, 2020, 11:22 PM IST

কোকৰাঝাৰ, 28 আগষ্ট : নামনি অসমৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ভয়ংকৰ গাফিলতিৰ অভিযোগ একাংশ B.Ed শিক্ষাৰ্থীৰ ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ে সময় মতে B.Ed ৰ অন্তিম ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবেই একাংশ শিক্ষাৰ্থীয়ে নতুনকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈছে ৷ ইয়াক লৈ নামনি অসমৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা বিভিন্ন B.Ed মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীৰ মাজত এক অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হয় ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ

শুকুৰবাৰে বিভিন্ন B.Ed মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে মিলিত হৈছিল যদিও কোনো সমাধানৰ পথ নিদিলে বুলি অভিযোগ কৰে শিক্ষাৰ্থী সকলে ৷ লগতে কয় যে, UGC ৰ গাইড লাইনৰ মতে প্ৰতিখন বিশ্ববিদ্যালয়ে 22 আগষ্টৰ আগত B.Ed পৰীক্ষাৰ ফলাফল দিব লাগিছিল যদিও বড়োলেণ্ড বিশ্ববিদ্যালয়ে নিয়ম ভংগ কৰা পৰিলক্ষিত হৈছে ৷

ইপিনে অসমৰ অন্য বিশ্ববিদ্যালয় ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয় আদিয়ে অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰিছে ৷ আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে ফলাফলো প্ৰদান কৰিলে ৷ কিন্তু বড়োলেণ্ড বিশ্ববিদ্যালয়ে আজিলৈকে পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো প্ৰক্ৰিয়া বিষয়ে অৱগত কৰোৱা নাই শিক্ষাৰ্থীক ৷ যাৰ বাবে অসম চৰকাৰে নতুনকৈ হ’বলগীয়া শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ’ব বুলি উল্লেখ কৰে শিক্ষাৰ্থীসকলে ৷ এতিয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ জীৱনকলৈ ল’ৰা ধেমালি খেলিছে বুলি অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থী সকলে ৷

লগতে চাওক-ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত কোন খেলুৱৈয়ে লাভ কৰিব কি সন্মান !

ABOUT THE AUTHOR

...view details